ভাৰতীয় এনিমেছন ছবি জগতলৈ ইতিপূর্বে গৌৰৱ কঢ়িওৱা ৰাজ্যৰ এজন অগ্ৰণী সাংস্কৃতিক কৰ্মী, সাহিত্যিক , চলচ্চিত্ৰ পৰিচালক , অভিনেতা আৰু গুৱাহাটীৰ আৰক্ষী আয়ুক্ত ডঃ পাৰ্থ সাৰথি মহন্তৰ কাহিনী আৰু পৰিচালনাত নির্মিত এনিমেটেড চুটি ছবি ‘ছিমি’য়ে ‘এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ’ত শ্রেষ্ঠ চুটি ছবি শাখাত ‘অনাৰেব’ল মেনশ্যন’ সম্মান লাভ কৰি বিশেষ খ্যাতি অর্জন কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে । এই সন্মানে এনিমেটেড চুটি ছবি জগতত ‘ছিমি’ৰ গৌৰৱময় যাত্ৰাক অধিক শক্তিশালী কৰি তুলিছে। ইতিমধ্যে ছবিখনে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যথেষ্ট সমাদৰ লাভ কৰিছে। ইয়াৰ পূৰ্বে ‘ছিমি’-এ জয়পুৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰত্র মহোৎসৱত শ্রেষ্ঠ চুটি ছবিৰ বঁটা লাভ কৰাৰ লগতে নিউয়র্ক শ্বর্ট এনিমেছন ফেষ্টিভেলতো শ্রেষ্ঠ চুটি ছবি হিচাপে সন্মানিত হৈছিল। এনিমেটেড চুটি ছবিখনৰ এই সফলতাই অসমৰ পৰা নিৰ্মিত এক ব্যতিক্রমী শিল্পকৰ্মক বিশ্বজুৰি বিশেষ স্বীকৃতি প্রদান কৰিছে। ডঃ পাৰ্থ সাৰথি মহন্তৰ কাহিনী, চিত্রনাট্য আৰু পৰিচালনাত নির্মিত ছবিখনে এনিমেছনক এক শক্তিশালী মাধ্যম হিচাপে প্রতিষ্ঠা কৰিছে।

ইয়াৰ জৰিয়তে ভৌগোলিক আৰু সাংস্কৃতিক পৰিসীমা অতিক্ৰম কৰি গভীৰ মানৱীয় কাহিনী উপস্থাপন কৰিব পাৰি। ছবিখনৰ প্ৰযোজনা কৰিছে ডঃ পাৰ্থ সাৰথি মহন্তৰ মাতৃ তথা নীৰৱ  সাংস্কৃতিক কৰ্মী মীনা মহন্ত আৰু অসম আৰক্ষীৰ মহা পৰিদৰ্শক ইন্দ্ৰাণী বৰুৱাই। তেওঁলোকৰ উৎসাহ, সহযোগিতা তথা সৃষ্টিশীল চিন্তাধাৰাৰ ফলশ্রুতিতে ‘ছিমি’ আন্তঃৰাষ্ট্ৰীয় মঞ্চত এখন সমাদৃত আৰু সফল চলচ্চিত্র হিচাপে জিলিকি উঠিছে। এই আন্তর্জাতিক স্বীকৃতি সন্দৰ্ভত ‘ছিমি’ৰ পৰিচালক ডঃ পাৰ্থ সাৰথি মহন্তই দর্শক, বিচাৰক আৰু ছবিখনৰ সৈতে জড়িত কলা- কুশলী সকললৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছে। আন্তঃধাষ্ট্রীয় চলচ্চিত্র মহোৎসৱসমূহত ‘ছিমি’ৰ ধাৰাবাহিক সফলতা কেৱল ছবি নির্মাতাৰ বাবেই নহয়, অসমৰ সৃষ্টিশীল সমাজখনৰ বাবেও গৌৰৱৰ বিষয়।

ইয়াৰ জৰিয়তে আঞ্চলিক প্রতিভাই নিজৰ মৌলিকতা, সত্যতা আৰু শিল্পগুণৰ বলত বিশ্বমঞ্চত প্রতিযোগিতাত নামি সফলতা লাভ কৰাৰ অসীম সম্ভাৱনা প্রতিফলিত হৈছে। ভাৰত, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু এতিয়া গ্ৰীচত লাভ কৰা সন্মানৰ ধাৰাবাহিকতাৰে ‘ছিমি’-এ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱসমূহত নিজৰ অনুপ্ৰেৰণাদায়ক যাত্রা অব্যাহত ৰাখিছে আৰু লগত কঢ়িয়াই লৈ ফুৰিছে অসমৰ কণ্ঠস্বৰ, কল্পনাশক্তি আৰু কাহিনী এটাক প্ৰক্ষেপ কৰাৰ কৌশল। উল্লেখ্য যে ছবিখনে পূর্বে লাভ কৰা সন্মানসমূহ হ’ল ক্ৰমে – শ্রেষ্ঠ চুটি ছবি জয়পুৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱ, শ্রেষ্ঠ চুটি ছবি -নিউয়র্ক শ্বর্ট এনিম্নেছান ফণ্ডিল। উল্লেখ্য যে ইয়াৰ পূৰ্বেও ডঃ পাৰ্থ সাৰথি মহন্তৰ কেবাখনো চুটি ছবিয়ে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত বিশেষ সমাদৰ লাভ কৰি বিভিন্ন শিতানত কেবাটাও বঁটা লাভ কৰি অসমলৈ সন্মান কঢ়িয়াই আনিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *