কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰা সন্দৰ্ভত শেহতীয়াকৈ ৰাজনৈতিক মহলত চলি থকা চৰ্চাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জ্যেষ্ঠ কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই। বিৰোধী দলপতিগৰাকীৰ মতে, একাংশ লোকে তেওঁ নগাঁও লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা আৰু বিজেপি দলত যোগদান কৰা সন্দৰ্ভত যি উৰাবাতৰি বিয়পাইছে, সেয়া সম্পূৰ্ণৰূপে ভিত্তিহীন আৰু এক গভীৰ ষড়যন্ত্ৰৰ অংশ। তেওঁক অসমৰ ৰাজনীতিৰ পৰা আঁতৰাই পঠোৱাৰ বাবেই এইয়া এক বিফল প্ৰচেষ্টা বুলিও তেওঁ স্পষ্ট কৰে। নিৰ্বাচনী পৰিৱেশ আৰু চৰকাৰৰ ভূমিকাক সমালোচনা কৰি দেৱব্ৰত শইকীয়াই কয়, “ৰাইজৰ সেৱাত, ৰাজ্যৰ ৰাজনীতিত মই সদায় আছোঁ আৰু থাকিম। মই মোৰ দল কংগ্ৰেছৰ লগতেই আছোঁ আৰু দল ত্যাগ কৰাৰ বা উপ-নিৰ্বাচন খেলাৰ কোনো প্ৰশ্নই নুঠে।” বৰ্তমান গণতন্ত্ৰৰ প্ৰতি ভাবুকি আহি পৰা বুলি দাবী কৰি তেওঁ নিৰ্বাচনী আয়োগৰ ভূমিকাক হতাশজনক আখ্যা দিয়ে। নিৰ্বাচন শেষ হোৱাৰ লগে লগেই অত্যাৱশ্যকীয় সামগ্ৰীৰ ব্যাপক মূল্যবৃদ্ধি হোৱাৰ বাবে সাধাৰণ ৰাইজৰ পানীত হাঁহ নচৰা অৱস্থা হোৱা বুলিও তেওঁ অভিযোগ উত্থাপন কৰে। মুখ্যমন্ত্ৰীক লক্ষ্য কৰি প্ৰাক্তন বিৰোধী দলপতিগৰাকীয়ে কয়, “আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীক একাংশই ‘চাণক্য’ বুলি আখ্যা দিয়ে, কিন্তু চাণক্য নীতিত শিক্ষিত লোকক সন্মান কৰা আৰু ৰাজহুৱা ধনৰ অপচয় নকৰাৰ কথা কোৱা হৈছে- যিটো বৰ্তমানৰ চৰকাৰৰ কাৰ্যকালত আমি দেখা পোৱা নাই।” ভুৱা ডিগ্ৰী আৰু মিছা প্ৰতিশ্ৰুতিৰ ৰাজনীতিতকৈ পুঁজিপতিৰ স্বাৰ্থ ৰক্ষা নকৰি ৰাইজৰ প্ৰকৃত সমস্যাবোৰ সমাধান কৰাটোহে চৰকাৰৰ মূল লক্ষ্য হোৱা উচিত বুলি তেওঁ মন্তব্য কৰে। সাধাৰণ জনতাক মাধমাৰ দিয়া এই চৰকাৰৰ বিৰুদ্ধে অসমৰ ৰাইজৰ হকে কংগ্ৰেছ দলৰ এই যুঁজ সদায় অব্যাহত থাকিব বুলিও তেওঁ দৃঢ়তাৰে প্ৰকাশ কৰে। Share this:FacebookX Related Post navigation ২৩ বছৰ বয়সতে ব্ৰিটেইনত ইতিহাস ৰচনা; আটাইতকৈ কম বয়সীয়া ভাৰতীয় মূলৰ মেয়ৰ নিৰ্বাচিত তুষাৰ কুমাৰ অতুল বৰাক সংসদীয় পৰিক্ৰমা বিভাগৰ অতিৰিক্ত দায়িত্ব অৰ্পণ; বিধানসভা অধিৱেশনৰ পূৰ্বেই ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত