অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ পূৰ্বেই মন্ত্ৰী অতুল বৰাক অৰ্পণ কৰা হৈছে সংসদীয় পৰিক্ৰমা বিভাগৰ অতিৰিক্ত দায়িত্ব। নৱগঠিত চৰকাৰখনৰ প্ৰথমখন বিধানসভা অধিৱেশন অনুষ্ঠিত হ’বলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাতে ৰাজ্য চৰকাৰে এই অন্তৱৰ্তীকালীন ব্যৱস্থা গ্ৰহণ কৰিছে। ৰাজ্যপালৰ নিৰ্দেশক্ৰমে যোৱা ১৬ মে’ত জাৰি কৰা এক চৰকাৰী অধিসূচনাৰ জৰিয়তে এই কথা স্পষ্ট কৰা হয়। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন কেবিনেটৰ জ্যেষ্ঠ মন্ত্ৰী অতুল বৰাই বৰ্তমান পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, অসম চুক্তি ৰূপায়ণ, সীমান্ত সুৰক্ষা আৰু উন্নয়ন তথা আবকাৰী বিভাগৰ দায়িত্ব চম্ভালি আছে। অহা বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’বলগীয়া নতুন বিধানসভাৰ প্ৰথমখন বৈঠক সুচাৰুৰূপে পৰিচালনা কৰাৰ স্বাৰ্থতে মুখ্যমন্ত্ৰীৰ পৰামৰ্শ মৰ্মে বৰাক এই অতিৰিক্ত দায়িত্ব দিয়া হৈছে। অহা ২৬ মে’ত সামৰণি পৰিবলগীয়া চাৰিদিনীয়া এই বিধানসভা অধিৱেশনৰ পূৰ্বেই কেবিনেটত ৰামেশ্বৰ তেলী, অজন্তা নেওগ আৰু চৰণ বড়োকো মন্ত্ৰী হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে। এই গুৰুত্বপূৰ্ণ অধিৱেশন সমাপ্ত হোৱাৰ পাছতেই ৰাজ্য চৰকাৰৰ পূৰ্ণাংগ কেবিনেট সম্প্ৰসাৰণ কৰা হ’ব বুলি চৰকাৰী সূত্ৰই ইতিমধ্যে স্পষ্ট কৰিছে। Share this:FacebookX Related Post navigation বিজেপিত যোগদানৰ চৰ্চাক উৰাবাতৰি বুলি আখ্যা দেৱব্ৰত শইকীয়াৰ; ৰাজ্য চৰকাৰ আৰু মুখ্যমন্ত্ৰীক তীক্ষ্ণ সমালোচনা জাগীৰোডত অবৈধ গৰুভৰ্তি কন্টেইনাৰ জব্দ; পলায়ন চালক-হেণ্ডিমেনৰ