উৰ্ভিল পেটেলৰ বিধ্বংসী বেটিঙৰ জৰিয়তে চেন্নাই ছুপাৰ কিংছে দেওবাৰে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক পাঁচ উইকেটত পৰাস্ত কৰি প্লে-অফৰ আশা জীয়াই ৰাখিছে। এই খেলখনত উৰ্ভিলে আই পি এলৰ ইতিহাসত দ্ৰুততম অৰ্ধশতকৰ অভিলেখ স্পৰ্শ কৰে।প্ৰথমে বেটিং কৰি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে জছ ইংলিছৰ দৰ্শনীয় ৮৫ ৰাণৰ সহায়ত নিৰ্ধাৰিত ২০ অভাৰত ৮ উইকেট হেৰুৱাই ২০৩ ৰাণ সংগ্ৰহ কৰে। এই পৰাজয়ৰ সৈতে ১১খন খেলৰ ভিতৰত অষ্টমটো পৰাজয় বৰণ কৰি লক্ষ্ণৌৰ প্লে-অফৰ আশা প্ৰায় সমাপ্ত হ’ল।চেন্নাইৰ প্ৰত্যাৱৰ্তনৰ ক্ষেত্ৰত জেমি অভাৰটনৰ (৩/৩৬) ভূমিকা আছিল গুৰুত্বপূৰ্ণ। তেওঁ মাত্ৰ তিনিটা বলৰ ভিতৰতে জছ ইংলিছ আৰু ঋষভ পণ্টৰ দৰে ডাঙৰ উইকেট দখল কৰে। লক্ষ্ণৌৰ হৈ শ্বাহবাজ আহমেদেও ২৫ বলত ৪৩ ৰাণৰ এক উপযোগী ইনিংছ খেলে।উৰ্ভিলৰ বিস্ফোৰক ইনিংছৰ লগতে শিৱম দুবে (১৫ অপৰাজিত) আৰু প্ৰশান্ত বীৰৰ (১৭ অপৰাজিত) দায়িত্বশীল বেটিঙৰ সহায়ত চেন্নাইয়ে ৪টা বল বাকী থকা অৱস্থাতে ২০৪ ৰাণৰ লক্ষ্য অতিক্ৰম কৰে। দুবে দুটা ধাৰাবাহিক ছিক্সাৰেৰে চেন্নাইৰ জয় নিশ্চিত কৰে।উৰ্ভিলে মাত্ৰ ২৩ বলত ৬৫ ৰাণ সংগ্ৰহ কৰে, য’ত আছিল ৮টা ছিক্সাৰ আৰু ২টা ফোৰ। তেওঁ মাত্ৰ ১৩ বলত অৰ্ধশতক সম্পূৰ্ণ কৰি বৰ্তমানৰ অভিলেখধাৰী যশস্বী জয়ছোৱালৰ সমকক্ষ হয়। সঞ্জু ছেমছনে ২৮ ৰাণ কৰি প্ৰাৰম্ভিক গতি প্ৰদান কৰাৰ পিছত উৰ্ভিলে লক্ষ্ণৌৰ বলাৰ দিগ্বেশ ৰাথী, আৱেশ খান আৰু আনকি মহম্মদ শ্বামীৰ দৰে অভিজ্ঞ বলাৰৰ ওপৰত চলায় প্ৰচণ্ড আক্ৰমণ। Share this:FacebookX Related Post navigation আৰ্চেনেলৰ সৈতে ব্যৱধান হ্ৰাস মানচেষ্টাৰ চিটীৰ; লিভাৰপুলৰ অনুৰাগীৰ অসন্তুষ্টি ফিট ইণ্ডিয়া অভিযানৰ প্ৰসাৰৰ বাবে সেনা আৰু SAI-ৰ যৌথ চাইকেল সমদল