উচ্চতম ন্যায়ালয়ৰ মন্তব্যক বিকৃতভাৱে উপস্থাপন কৰাৰ গুৰুতৰ অভিযোগ তুলি আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক লক্ষ্য কৰি লয় সাংসদ গৌৰৱ গগৈয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে উচ্চতম ন্যায়ালয়ৰ নাম লৈ মিছা তথ্য প্ৰচাৰ কৰাৰ জৰিয়তে আদালত অবমাননা কৰিছে বুলি কংগ্ৰেছ সাংসদগৰাকীয়ে তীব্ৰ সমালোচনা কৰে। বিশেষকৈ ‘মিঞা মুছলমান’ সন্দৰ্ভত কৰা মন্তব্যক ন্যায্যতা প্ৰদান কৰিবলৈ ন্যায়ালয়ৰ ৰায়দানত নথকা শব্দ ব্যৱহাৰ কৰাটো এক প্ৰতিষ্ঠানিক অপৰাধ বুলি তেওঁ অভিহিত কৰে।

গৌৰৱ গগৈৰ মতে, সৰ্বানন্দ সোণোৱালৰ গোচৰত উচ্চতম ন্যায়ালয়ে ব্যৱহাৰ কৰা বুলি মুখ্যমন্ত্ৰীয়ে যি ভাষ্য দাঙি ধৰিছে, সেয়া আচলতে কোনো ন্যায়িক ৰায় নহয়, বৰঞ্চ এখন কাৰ্যবাহী প্ৰতিবেদনৰ অংশহে আছিল। ন্যায়ালয়ে কোনো পক্ষৰ প্ৰতিবেদনৰ উদ্ধৃতি দিলেই সেয়া আদালতৰ নিজা শব্দ হৈ নপৰে বুলি আইনী নীতিৰ কথা সোঁৱৰাই দি তেওঁ কয় যে মুখ্যমন্ত্ৰীয়ে জানি-বুজি ৰাইজক বিপথে পৰিচালিত কৰিবলৈ এই পাৰ্থক্য মচি পেলাইছে।

এই সন্দৰ্ভত আদালত অবমাননাৰ প্ৰসংগ উত্থাপন হোৱাৰ পিছৰে পৰা মুখ্যমন্ত্ৰীগৰাকী মৌন হৈ পৰা বুলিও তেওঁ কটাক্ষ কৰে।

ইফালে সামাজিক মাধ্যমৰ যোগেদিও সাংসদগৰাকীয়ে মুখ্যমন্ত্ৰীৰ ৰাজনীতিক অসততা আৰু নিৰ্লজ্জতাৰ পৰিচায়ক বুলি আখ্যা দিয়ে। সাংবিধানিক কৰ্তৃপক্ষই উচ্চতম ন্যায়ালয়ৰ পৰ্যবেক্ষণক ভুলকৈ উপস্থাপন কৰাটোৱে ন্যায়পালিকাৰ প্ৰতি থকা জনসাধাৰণৰ বিশ্বাস ভংগ কৰাৰ লগতে সাংবিধানিক নিয়মকো উলংঘা কৰে বুলি তেওঁ মন্তব্য কৰে।

উল্লেখযোগ্য যে, গৌৰৱ গগৈয়ে উত্থাপন কৰা এই আদালত অবমাননাৰ অভিযোগৰ সন্দৰ্ভত বিজেপি বা মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে এতিয়ালৈকে কোনো চৰকাৰী প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।

Leave a Reply

Your email address will not be published. Required fields are marked *