ৰাজ্যত হিন্দু জনসংখ্যাৰ হ্ৰাসমান হাৰ আৰু জনগাঁথনিগত ভাৰসাম্যহীনতাক লৈ পুনৰবাৰ উদ্বেগ প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। বিশেষকৈ যিবোৰ অঞ্চলত হিন্দুসকল সংখ্যালঘু হৈ পৰিছে, তেনে অঞ্চলত সামাজিক ধাৰাবাহিকতা ৰক্ষাৰ স্বাৰ্থত হিন্দু পৰিয়ালসমূহক এটাতকৈ অধিক সন্তান জন্ম দিবলৈ তেওঁ মুকলি আহ্বান জনাইছে। মুখ্যমন্ত্ৰীগৰাকীৰ মতে, বিভিন্ন সম্প্ৰদায়ৰ মাজত জন্মৰ হাৰৰ যি বৈষম্য দেখা গৈছে, সেয়া ভৱিষ্যতৰ বাবে এক চিন্তাৰ বিষয়।

সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত ড° শৰ্মাই দাবী কৰে যে কেইবাটাও অঞ্চলত মুছলমান জনসংখ্যাৰ বৃদ্ধিৰ হাৰ হিন্দুসকলৰ তুলনাত যথেষ্ট বেছি। ইয়াৰ বিপৰীতে হিন্দুসকলৰ মাজত সন্তান জন্মৰ হাৰ ক্ৰমান্বয়ে হ্ৰাস পোৱা কাৰ্যই দীৰ্ঘম্যাদী সামাজিক প্ৰভাৱ পেলাব পাৰে বুলি তেওঁ আশংকা ব্যক্ত কৰে। এই জনগাঁথনিগত পাৰ্থক্য দূৰ কৰিবলৈ তেওঁ হিন্দু পৰিয়ালসমূহক কমেও দুটা আৰু সম্ভৱ হ’লে তিনিটা সন্তান জন্ম দিয়াৰ লক্ষ্য ৰাখিবলৈ পৰামৰ্শ আগবঢ়ায়।

উল্লেখ্য যে, মুখ্যমন্ত্ৰীগৰাকীয়ে মুছলমান পৰিয়ালসমূহকো অত্যধিক সন্তান জন্ম নিদিবলৈ ধাৰাবাহিকভাৱে আহ্বান জনাই আহিছে। তেওঁ স্পষ্ট কৰি দিয়ে যে তেওঁৰ এই বাৰ্তা কোনো বিশেষ সম্প্ৰদায়ৰ বিৰুদ্ধে নহয়, বৰঞ্চ এক জনসংখ্যাগত ভাৰসাম্য বৰ্তাই ৰখাৰ বাবেহে নিৰ্দেশিত। তেওঁ কয়, “আমি মুছলমান লোকক কওঁ যে ৭-৮টা সন্তান জন্ম নিদিব, অলপ কমকৈ দিয়ক। আনহাতে হিন্দুসকলক কওঁ অলপ বেছিকৈ জন্ম দিয়ক।” তেওঁ লগতে কয় যে অন্যথা ভৱিষ্যতে ঘৰখন চোৱাচিতা কৰিবলৈও কোনো নাথাকিব।

Leave a Reply

Your email address will not be published. Required fields are marked *