উচ্চতম ন্যায়ালয়ৰ মজিয়াত পুনৰবাৰ মুখ থেকেচা খালে কংগ্ৰেছ নেতা পৱন খেৰাই। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই তৰা মানহানিৰ গোচৰত খেৰাৰ অন্তৱৰ্তীকালীন জামিনৰ ম্যাদ বৃদ্ধি কৰিবলৈ অস্বীকাৰ কৰে শীৰ্ষ আদালতে। অসমৰ আদালতসমূহ বন্ধ থকাৰ দোহাই দি অহা মঙলবাৰ পৰ্যন্ত সময় বিচাৰি খেৰাই যি আবেদন দাখিল কৰিছিল, তাক আজি পোনপটীয়াকৈ খাৰিজ কৰে আদালতে। পৱন খেৰাক অবিলম্বে অসমৰ সংশ্লিষ্ট আদালতত জামিনৰ বাবে আবেদন কৰিবলৈ নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে। আদালতৰ নথি আৰু তথ্যৰ ওপৰত ভিত্তি কৰি অসমৰ আদালতে স্বতন্ত্ৰভাৱে এই বিষয়ত সিদ্ধান্ত ল’ব বুলি কয় শীৰ্ষ আদালতে। উচ্চতম ন্যায়ালয়ৰ পূৰ্বৰ কোনো পৰ্যবেক্ষণে এই আইনী প্ৰক্ৰিয়াত প্ৰভাৱ নেপেলায় বুলিও বিচাৰপীঠে স্পষ্ট কৰি দিয়ে। শীৰ্ষ আদালতত খেৰাৰ হৈ যুক্তি দৰ্শাই জ্যেষ্ঠ অধিবক্তা অভিষেক মনু সিংভীয়ে নিজৰ মক্কেলক এজন দাগী অপৰাধী নহয় বুলি অভিহিত কৰে। তেলেংগানা উচ্চ ন্যায়ালয়ে প্ৰদান কৰা জামিনৰ আবেদনত কিছু কাৰিকৰী ভুল থকাৰ বাবেহে পূৰ্বতে ই খাৰিজ হৈছিল বুলি মন্তব্য কৰে অধিবক্তাগৰাকীয়ে। এয়া কোনো জালিয়াতি নহয় বৰঞ্চ এক সামান্য ভুল আছিল বাবে কাৰো ব্যক্তিগত স্বাধীনতা খৰ্ব কৰিব নালাগে বুলিও তেওঁ আদালতত আৱেদন জনায়। উল্লেখ্য যে দিল্লীত এখন সংবাদমেল সম্বোধন কৰি অসমৰ মুখ্যমন্ত্ৰীৰ পত্নীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল পৱন খেৰাই। ৰিণিকি ভূঞা শৰ্মাৰ তিনিখনকৈ বিদেশী পাছপোৰ্ট আৰু ডুবাই তথা আমেৰিকাত বিপুল সম্পত্তি থকা বুলি কংগ্ৰেছ নেতাজনে কৰা মন্তব্যই নিৰ্বাচনৰ ঠিক পূৰ্বে দেশৰ ৰাজনীতিত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল। এই বিতৰ্কিত মন্তব্যৰ পাছতেই মুখ্যমন্ত্ৰীৰ পত্নীয়ে খেৰাৰ বিৰুদ্ধে ১০ কোটি টকাৰ মানহানি গোচৰ তৰে। পৱন খেৰাৰ বিৰুদ্ধে চলি থকা এই আইনী যুঁজত অসম চৰকাৰে আৰম্ভণিৰে পৰাই বিৰোধিতা কৰি আহিছে। অসমৰ আদালতত আবেদন নকৰি তেলেংগানা উচ্চ ন্যায়ালয়ৰ কাষ চপাৰ কোনো যৌক্তিকতা নাই বুলি উচ্চতম ন্যায়ালয়ত যুক্তি দৰ্শায় চৰকাৰী পক্ষই। শুকুৰবাৰৰ এই গুৰুত্বপূৰ্ণ ৰায়ৰ পাছত এতিয়া পৱন খেৰাই অসমৰ আদালতৰ শৰণাপন্ন হ’বলৈ বাধ্য হৈ পৰিছে। Share this:FacebookX Related Post navigation ত্ৰিপুৰাত বিজেপিৰ শোচনীয় পৰাজয়; পাহাৰীয়া পৰিষদত তিপ্ৰা মোথাৰ একছত্ৰী আধিপত্য