ত্ৰিপুৰাৰ নিৰ্বাচনত সম্পূৰ্ণৰূপে ধূলিস্যাৎ হৈ পৰিল পৰাক্ৰমী ভাৰতীয় জনতা পাৰ্টি। শেহতীয়াকৈ ৰাজ্যখনৰ জনজাতীয় স্বায়ত্তশাসিত পৰিষদৰ (TTAADC) নিৰ্বাচনত বিজেপিক ধৰাশায়ী কৰি এক বিশাল বিজয় সাব্যস্ত কৰে তিপ্ৰা মোথা পাৰ্টিয়ে। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ২৮ খন আসনৰ ভিতৰত ১৬ খনতে ইতিমধ্যে জয়লাভ কৰিছে প্ৰদ্যোত বিক্ৰম মাণিক্য দেৱবৰ্মাৰ দলটোৱে।

ৰাজ্যখনৰ শাসকীয় দল হোৱাৰ পাছতো বিজেপিৰ এনে লজ্জাজনক পতনত এতিয়া ৰাজনৈতিক মহলত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য। জনজাতীয় বেল্টত বিজেপিয়ে কেৱল দুখন আসনতহে জয়লাভ কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে আন দুখন আসনতহে মাত্ৰ আগবাঢ়ি আছে। তিপ্ৰা মোথাৰ এই প্ৰচণ্ড জোৱাৰৰ সন্মুখত বিজেপিৰ সকলো ৰণকৌশল এতিয়া চুৰমাৰ হৈ পৰিছে।

ত্ৰিপুৰাৰ মিত্ৰজোঁট চৰকাৰত একেলগে থাকিলেও এই নিৰ্বাচনত দুয়োটা দলে পৃথকে প্ৰতিদ্বন্দ্বিতা কৰিছিল। পাহাৰৰ শাসন নিজৰ হাতত ৰাখিবলৈ বিজেপিয়ে সৰ্বশক্তি প্ৰয়োগ কৰিছিল যদিও তিপ্ৰা মোথাৰ অশ্বমেধ যাত্ৰা ৰোধ কৰিবলৈ ব্যৰ্থ হয় গেৰুৱা বাহিনী। ৰাজনৈতিক বিশ্লেষকসকলৰ মতে এই ফলাফলে ত্ৰিপুৰাৰ জনজাতীয় ৰাজনীতিত বিজেপিৰ ভেটি জোকাৰি গৈছে।

পাহাৰৰ পৰা বিজেপিক একেবাৰে শূন্য কৰি তিপ্ৰা মোথাই এতিয়া নিজৰ সাংগঠনিক শক্তি প্ৰদৰ্শন কৰিছে। নিৰ্বাচনী ফলাফলৰ এই ধাৰাই ত্ৰিপুৰাৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ সমীকৰণো সলনি কৰি দিয়াৰ সম্ভাৱনা প্ৰকট কৰি তুলিছে। শাসনৰ গাদী দখল কৰি থকাৰ পাছতো কিয় এই বিপৰ্যয় হ’ল, তাক লৈ বিজেপিয়ে এতিয়া নতুনকৈ চিন্তা কৰিবলৈ বাধ্য হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *