অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে দেশজুৰি অভিযান অব্যাহত থকাৰ সময়তে ৰাজস্থানৰ আজমেৰত এইবাৰ জালত পৰিল আন এগৰাকী বাংলাদেশী যুৱতী। অবৈধভাৱে ভাৰত-বাংলাদেশ সীমান্ত অতিক্ৰম কৰি দেশত প্ৰৱেশ কৰাৰ অভিযোগত যুৱতীগৰাকীক জিম্মাত লোৱাৰ পিছত ডিটেনশ্যন চেণ্টাৰলৈ প্ৰেৰণ কৰা হৈছে। ৰাজস্থান আৰক্ষীয়ে সদৰি কৰা মতে, আৰক্ষী সঞ্চালকালয়ৰ নিৰ্দেশমৰ্মে জিলাখনত অবৈধভাৱে বসবাস কৰি থকা বাংলাদেশী আৰু ৰোহিংগীয়া নাগৰিকৰ সন্ধানত বিশেষ অভিযান চলাই থকা হৈছে। সেই অভিযানৰ অংশ হিচাপেই কৃষ্ণগঞ্জ আৰক্ষী আৰু চিআইডিৰ বিশেষ শাখাৰ যুটীয়া দলে কৃষ্ণগঞ্জ অঞ্চলৰ এখন হোটেলৰ পৰা যুৱতীগৰাকীক আটক কৰে। আৰক্ষীৰ প্ৰাথমিক জেৰাত যুৱতীগৰাকীয়ে নিজৰ পৰিচয় বাংলাদেশৰ ঢাকাৰ কিশোৰগঞ্জ জিলাৰ বাসিন্দা ২৮ বছৰীয়া মীম আখতাৰ বুলি প্ৰকাশ কৰে। তেওঁ আব্দুল ছাত্তাৰৰ কন্যা বুলিও জানিবলৈ দিয়ে। জেৰাত মীম আখতাৰে সদৰি কৰা অনুসৰি, যোৱা জুন মাহত তেওঁ অবৈধভাৱে ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্ত অতিক্ৰম কৰি ভাৰতত প্ৰৱেশ কৰে। তাৰ পিছত প্ৰথমে জয়পুৰ, পাছত বিয়াৱৰলৈ যায় আৰু ১৪ জুলাইত আজমেৰত উপস্থিত হয়। তেওঁ কামৰ সন্ধানতে ভাৰতলৈ অহা বুলি আৰক্ষীক জনায়। আৰক্ষীয়ে ইতিমধ্যে যুৱতীগৰাকীক ডিটেনশ্যন চেণ্টাৰলৈ প্ৰেৰণ কৰিছে। লগতে ভাৰতত প্ৰৱেশ কৰাৰ পিছত তেওঁ কাৰ কাৰ সংস্পৰ্শলৈ আহিছিল, সীমান্ত পাৰ কৰাত আন কোনো লোক বা চক্ৰ জড়িত আছিল নেকি আৰু তেওঁৰ প্ৰকৃত উদ্দেশ্য কি আছিল, সেই দিশসমূহৰ তদন্ত অব্যাহত ৰাখিছে। আৰক্ষীয়ে যুৱতীগৰাকীৰ মোবাইল ফোন, নথি-পত্ৰ আৰু অন্যান্য তথ্যও পৰীক্ষা কৰি আছে। একে সময়তে তেওঁ দিয়া বক্তব্যসমূহৰ সত্যাসত্যও অনুসন্ধান কৰি থকা হৈছে। জিলা আৰক্ষী অধীক্ষক হৰ্ষবৰ্ধন আগৰৱালাই সদৰি কৰি কয় যে, জিলাজুৰি অবৈধভাৱে বসবাস কৰি থকা বিদেশী নাগৰিকক চিনাক্ত কৰাৰ অভিযান অব্যাহত থাকিব। যোৱা দুদিন ধৰি বিভিন্ন অঞ্চলত চলোৱা নিবিড় সত্যাপন অভিযানৰ সময়তে এই সফলতা লাভ কৰা হৈছে। Share this:FacebookX Related Post navigation সোণম ৱাংচুকৰ স্বাস্থ্যক লৈ উচ্চ ন্যায়ালয়ৰ উদ্বেগ; প্ৰতিদিনে স্বাস্থ্য পৰীক্ষা আৰু প্ৰয়োজনীয় চিকিৎসাৰ নিৰ্দেশ