দেশজুৰি কেন্সাৰ ঔষধৰ নাটনিৰ মাজতে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে দাম বৃদ্ধিৰ সিদ্ধান্ত। কেমোথেৰাপি ঔষধ চিছপ্লেটিন আৰু কাৰ্ব’প্লেটিনৰ দাম বৃদ্ধিৰ বাবে নীতিগত অনুমোদন জনাইছে। চৰকাৰে কয় যে এই ঔষধৰ বাঢ়ি অহা নাটনিৰ বাবেই এই পদক্ষেপ প্ৰয়োজনীয় আছিল। অনুমান কৰা হৈছে যে মূল্যবৃদ্ধিয়ে ইয়াৰ উৎপাদন ঔষধ কোম্পানীসমূহৰ বাবে অৰ্থনৈতিকভাৱে অধিক সম্ভৱপৰ কৰি তুলিব আৰু বজাৰত যোগান স্বাভাৱিক হাৰত ধৰি থাকিব পাৰিব। কিছুদিন ধৰি সমগ্ৰ দেশৰ বহু চিকিৎসালয়ত কৰ্কট ৰোগৰ জটিল ঔষধৰ অভাৱৰ অভিযোগ উত্থাপন হৈ আহিছে। কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তক ড্ৰাগছৰ নাটনি বাস্তৱিক আৰু ইয়াৰ বাবে তাৎক্ষণিক হস্তক্ষেপৰ প্ৰয়োজন বুলি চৰকাৰী স্বীকাৰোক্তি হিচাপে দেখা গৈছে। যোৱা ৭ জুনত ৰাসায়নিক মন্ত্ৰালয়ৰ অধীনস্থ ঔষধ বিভাগে ৰাষ্ট্ৰীয় ঔষধ মূল্য নিৰ্ধাৰণ কৰ্তৃপক্ষলৈ পত্ৰ প্ৰেৰণ কৰি মূল্য বৃদ্ধিৰ কাম আগবঢ়াই নিবলৈ কৈছিল। এই ক্ষেত্ৰত ড্ৰাগ প্ৰাইচ কণ্ট্ৰল অৰ্ডাৰ (ডিপিচিঅ’), ২০১৩ৰ ১৯ নং অনুচ্ছেদ ব্যৱহাৰৰ বাবে চৰকাৰে অনুমোদন জনাইছে। এইটো এটা বিশেষ ব্যৱস্থা। যেতিয়া চৰকাৰে বিশ্বাস কৰে যে কোনো অত্যাৱশ্যকীয় ঔষধৰ উপলব্ধতা বা ব্যয়সাধ্যতাত প্ৰভাৱ পৰিছে, তেতিয়া এই ব্যৱস্থাৰ অধীনত সিদ্ধান্ত ল’ব পাৰে। অৰ্থাৎ চৰকাৰে প্ৰয়োজন হ’লে ঔষধৰ মূল্যৰ বিশেষ সংশোধনৰ অনুমতি দিব পাৰে। চৰকাৰী নথি অনুসৰি বিভিন্ন ঔষধ কোম্পানীয়ে মুঠ ৮২টা ঔষধ প্ৰস্তুতিৰ মূল্য বৃদ্ধিৰ বাবে অনুৰোধ জনাইছিল। আন্তঃমন্ত্ৰালয় সমিতিয়ে এই গোচৰসমূহ পুনৰীক্ষণ কৰে। সম্যক তদন্তৰ অন্তত কমিটীয়ে মাত্ৰ চাৰিটা প্ৰস্তুতিৰ মূল্য বৃদ্ধিৰ পৰামৰ্শ দিছিল। ইয়াৰ ভিতৰত কাৰ্ব’প্লেটিন বেজী, চিছপ্লেটিন বেজী আৰু এণ্টি টিটেনাছ ইমিউন’গ্ল’বিউলিনৰ দুটা প্ৰস্তুতি আদি উল্লেখযোগ্য। বাকী ৭৮টা গোচৰৰ বাবে অতিৰিক্ত তথ্য বিচাৰিছে কমিটীয়ে। ঔষধ কোম্পানীসমূহে কয় যে বিগত কেইবছৰমানৰ পৰা উৎপাদন ব্যয় যথেষ্ট বৃদ্ধি পাইছে। বিশেষকৈ কেঁচামালৰ ব্যয়, উৎপাদন ব্যয়, আৰু বৈদেশিক মুদ্ৰাৰ হাৰৰ উঠা-নমাৰ বাবে সক্ৰিয় ঔষধ উপাদান (এপিআই)ৰ মূল্য যথেষ্ট বৃদ্ধি পাইছে। দীৰ্ঘদিন ধৰি বৰ্তমানৰ মূল্যত এই ঔষধৰ উৎপাদন অব্যাহত ৰখাটো কঠিন বুলি কোম্পানীকেইটাই দাবী কৰে। Share this:FacebookX Related Post navigation ছুটি বিচাৰি কান্দিও লাভ নহ’ল! অফিচৰ শৌচাগাৰতে মৃত্যুক সাৱটিলে মহিলা কৰ্মচাৰীয়ে গৰীয়া – মৰিয়া দেশী জাতীয় পৰিষদৰ উদ্যোগত বনকৰ্মী চিকন চিকন ডেকাক সম্বৰ্ধনা