Category: Sports

এম চিন্নাস্বামী ষ্টেডিয়ামত খেলা আই পি এল মেচৰ সময়ত খালী হৈ থাকিব ১১খন আসন

বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত খেলা আই পি এল মেচৰ সময়ত ১১খন আসন সদায় খালী হৈ থাকিব। ষ্টেডিয়ামৰ প্ৰৱেশদ্বাৰত এখন স্মৃতি ফলক স্থাপন কৰা হ’ব, আৰু দুয়োটা দলৰ সৈতে জড়িত প্ৰতিখন…

মেচৰ দিনা অনুশীলন কৰিব নোৱাৰিব আইপিএলৰ দলে

বিচিচিআইয়ে আইপিএল ২০২৬ৰ বাবে নতুন গাইডলাইন জাৰি কৰিছে।এই গাইডলাইনৰ অধীনত কোনো দলক মেচৰ দিনটোত অনুশীলন কৰিবলৈ দিয়া হোৱা নাই। লগতে খেলৰ দিনত খেলুৱৈৰ কোনো ধৰণৰ ফিটনেছ টেষ্ট নাথাকিব। জাৰ্চিৰ নম্বৰ…

পিএছএলত দৰ্শকৰ অনুমতিত থাকিব নিষেধাজ্ঞা

ব্যয় কমাব পৰা অভিযানৰ অংশ হিচাপে পাকিস্তানে পাকিস্তান ছুপাৰ লীগ (পিএছএল) ২০২৬ত দৰ্শকৰ অনুমতিত নিষেধাজ্ঞা আৰোপ কৰিছে।সকলো মেচ একচেটিয়াভাৱে লাহোৰ আৰু কৰাচীত অনুষ্ঠিত হ’ব। ২৬ মাৰ্চৰ পৰা আৰম্ভ হ’বলগীয়া লীগৰ…

জুনত আয়াৰলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলা খেলিব ভাৰতে

ডিফেণ্ডিং বিশ্ব চেম্পিয়ন ভাৰতে অহা ২৬ আৰু ২৮ জুনত আয়াৰলেণ্ডৰ বিৰুদ্ধে দুখন টি-২০ মেচ খেলিব বুলি শনিবাৰে বিচিচিআইয়ে প্ৰকাশ কৰে। দুয়োখন মেচ বেলফাষ্টত অনুষ্ঠিত হ’ব, য’ত ভাৰতীয় দলটোৱে ২০০৭ চনৰ…

আইপিএলৰ উদ্বোধনী মেচত ছানৰাইজাৰ্ছ হায়দৰাবাদক নেতৃত্ব দিব ঈশান কিষানে

ছানৰাইজাৰ্ছ হায়দৰাবাদে আই পি এল ২০২৬ৰ উদ্বোধনী মেচসমূহৰ অন্তৱৰ্তীকালীন অধিনায়ক হিচাপে ভাৰতৰ উইকেটকীপাৰ বেটছমেন ঈশান কিষানক নিযুক্তি দিয়ে আৰু অভিষেক শৰ্মাক উপ-অধিনায়ক হিচাপে দায়িত্ব দিয়ে। এই সিদ্ধান্ত এইবাবে লোৱা হৈছে…

টি-২০ বলিং ৰেংকিঙত পুনৰ পঞ্চম স্থানত যশপ্ৰীত বুমৰাহ

ভাৰতীয় বেগী বলাৰ যশপ্ৰীত বুমৰাহ টি-২০ বলাৰৰ ৰেংকিঙত পুনৰ পঞ্চম স্থান দখল কৰিছে। এখনো মেচ খেলি নোপোৱাকৈয়ে তেওঁ শীৰ্ষ পাঁচ স্থানত স্থান লাভ কৰে। কাৰণ টি-২০ বিশ্বকাপৰ পিছত দক্ষিণ আফ্ৰিকা…

পাকিস্তানৰ বিৰুদ্ধে এদিনীয়া শৃংখলা দখল বাংলাদেশৰ

তৃতীয়খন এদিনীয়া খেলত পাকিস্তানক ১১ ৰানত পৰাস্ত কৰি তিনিখন খেলৰ শৃংখলা ২-১ত জয়লাভ কৰে বাংলাদেশে। ঢাকাৰ শ্বেৰ-ই-বাংলা ৰাষ্ট্ৰীয় ষ্টেডিয়ামত তানজিদ হাছান তামিমে এক সুন্দৰ শতক অৰ্জন কৰি ৫০ অভাৰত ৫…

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ছৰফৰাজ আহমেদৰ

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছে পাকিস্তানৰ প্ৰাক্তন অধিনায়ক ছৰফৰাজ আহমেদে। প্ৰায় দুটা দশকৰ কেৰিয়াৰত ৬,১৬৪ ৰান সংগ্ৰহ কৰিছিল আৰু তেওঁৰ অধিনায়কত্বত ২০১৭ চনৰ চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত পাকিস্তানে…

ফিফা বিশ্বকাপত ইৰানৰ ফুটবল দলক অংশগ্ৰহণ নকৰিবলৈ পৰামৰ্শ ড’নাল্ড ট্ৰাম্প

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে বৃহস্পতিবাৰে কয় যে আগন্তুক ২০২৬ ৰ ফিফা বিশ্বকাপত ইৰানৰ ফুটবল দলে অংশগ্ৰহণ কৰা উচিত নহয়, কিয়নো ইয়াৰ ফলত খেলুৱৈসকলৰ জীৱন আৰু সুৰক্ষা বিপন্ন হ’ব পাৰে। বিশ্ব…

১৫ সংখ্যকবাৰৰ বাবে পোল ভল্টৰ বিশ্ব অভিলেখ ভংগ আৰ্মাণ্ড ডুপ্লাণ্টিছৰ

ছুইডেনৰ ষ্টাৰ প’ল ভল্টৰ আৰ্মাণ্ড ডুপ্লাণ্টিছে বৃহস্পতিবাৰে পুনৰ ইতিহাস ৰচনা কৰি ১৫ সংখ্যকবাৰৰ বাবে প’ল ভল্টৰ বিশ্ব অভিলেখ ভংগ কৰে। উপছালাত অনুষ্ঠিত প্ৰতিযোগিতাত ৬.৩১ মিটাৰত উল্লেখযোগ্য জাম্পৰে তেওঁ এক নতুন…