ডেনিছ বেডমিণ্টনৰ কিংবদন্তি ভিক্টৰ এক্সেলছেনে ৩২ বছৰ বয়সত পেছাদাৰী বেডমিণ্টনৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছে। দুবাৰৰ অলিম্পিক আৰু বিশ্ব চেম্পিয়ন এক্সেলছেনে ছ’চিয়েল মিডিয়াৰ জৰিয়তে এই তথ্য প্ৰদান কৰে। ২০১০ চনত জুনিয়ৰ বিশ্ব চেম্পিয়নশ্বিপত জয়লাভ কৰি ভিক্টৰ এক্সেলচেনে প্ৰথম স্থান লাভ কৰিছিল। তাৰ পিছত তেওঁ নিজৰ কেৰিয়াৰত কেইবাটাও ঐতিহাসিক কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে। ২০২১ চনত টকিঅ’ অলিম্পিক আৰু ২০২৪ চনত পেৰিছ অলিম্পিকত একেৰাহে দুটা সোণৰ পদক লাভ কৰাৰ লগতে ২০১৬ চনত ৰিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰে।২০১৭ আৰু ২০২২ চনত বিশ্ব চেম্পিয়নশ্বিপৰ খিতাপো লাভ কৰে। ২০২১ চনৰ পৰা ২০২৩ চনলৈকে একেৰাহে তিনিবাৰকৈ বি ডব্লিউ এফ ৱৰ্ল্ড ট্যুৰ ফাইনেল জয় কৰি এক্সেলচেনে নিজৰ দক্ষতা আৰু অধিক প্ৰদৰ্শন কৰে।তেওঁ তিনিবাৰৰ ইউৰোপীয় চেম্পিয়নো আৰু ২০১৬ চনত ডেনমাৰ্কৰ প্ৰথমটো থমাছ কাপ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। পুৰুষৰ বেডমিণ্টন ৰেংকিঙত মুঠ ১৮৩ সপ্তাহ ধৰি এক নম্বৰ স্থান দখল কৰি আছে এক্সেলচেনে, যিটো ইতিহাসৰ তৃতীয় সৰ্বাধিক দীঘলীয়া স্থান। তেওঁক অতিক্ৰম কৰিছে মাত্ৰ মালয়েছিয়াৰ লি চং ৱেই (৩৯৮ সপ্তাহ) আৰু চীনৰ লিন ডানে (২১১ সপ্তাহ)। মন কৰিবলগীয়া যে যোৱা বছৰৰ অক্টোবৰ মাহত অনুষ্ঠিত হোৱা ফ্ৰেন্স অ’পেনৰ পিছত এক্সেলছন খেলপথাৰৰ পৰা আঁতৰি আছে। তেওঁৰ অৱসৰৰ লগে লগে বেডমিণ্টন জগতৰ এক সোণালী অধ্যায়ৰ অন্ত পৰিল। Share this:FacebookX Related Post navigation ৰঙালী বিহু উদযাপনৰ লগত পশ্চিম কাঁঠালমুৰিত ৰাজ্যিক পৰ্যায়ৰ মাৰাথন অনুষ্ঠিত ৰোহিত শৰ্মাৰ ফিটনেছক লৈ সন্দেহ, জোৰদাৰ পঞ্জাব কিংছৰ বিৰুদ্ধে মুম্বাই ইণ্ডিয়ান্সৰ চিন্তা বৃদ্ধি