Category: Assam

৮৫ৰ পৰা অশুদ্ধ ভোটাৰ তালিকাৰে নিৰ্বাচন অসমত! এন আৰ চিক লৈ পুনৰ উচ্চতম ন্যায়ালয়লৈ যাব আছু

অসমৰ জাতীয় জীৱনৰ আটাইতকৈ স্পৰ্শকাতৰ বিষয় ভোটাৰ তালিকা আৰু বিদেশী সমস্যাৰ প্ৰসংগ উত্থাপন কৰি আজি চৰকাৰ তথা নিৰ্বাচনী ব্যৱস্থাক তীব্ৰ প্ৰত্যাহ্বান জনায় সদৌ অসম ছাত্ৰ সন্থাই। ৰাজ্যৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ স্বচ্ছতাক…

বিগত পাঁচটা বছৰত সৰিয়হৰ বীজ উৎপাদনত কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপৰ অভূতপূৰ্ব সাফল্য

কামৰূপ জিলাৰ বিভিন্ন প্ৰান্তৰ সৰহ সংখ্যক কৃষকে বিগত পাঁচটা বৰ্ষত গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা কাঁহিকুছিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপৰ তত্ত্বাবধানত তৈল বীজৰ খেতি কৰি বীজ উৎপাদনৰ ক্ষেত্ৰত এক অভূতপূৰ্ব সাফল্য…

আমেৰিকাক ৫ কোটি বেৰেল তেল দিব ভেনিজুৱেলাই

নিকোলাছ মাদুৰোক ক্ষমতাৰ পৰা অপসাৰণ কৰাৰ বাবে হঠাতে চলোৱা সামৰিক অভিযানৰ পিছত ভেনিজুৱেলাই আমেৰিকাক ৫ কোটি বেৰেল তেল দিব বুলি প্ৰতিশ্ৰতি দিছে বুলি ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে প্ৰকাশ কৰিছে। ট্ৰাম্পে নিজৰ…

আগন্তুক বিধানসভা নিৰ্বাচনত এন ডি এ মিত্ৰজোটে কমেও এশ আসন লাভ কৰিব ; দুৰ্গা সৰোবৰত যোগদান সমাৰোহত অগপ নেতা ৰমেন্দ্ৰ নাৰায়ণ কলিতা ; কংগ্ৰেছ নেতা – কৰ্মীসহ পাঁচ শতাধিকৰ অগপত যোগদান

আগন্তক অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচনলৈ মাজতে প্ৰায় তিনিমাহ মান বাকী থকা অৱস্থাত বিজেপি – অগপ নেতৃত্বাধীন শাসকীয় এন ডি এ মৰ্চাই পুনৰ একেৰাহে তৃতীয়বাৰৰ বাবে শাসনলৈ অহাৰ বাবে কঁকালত টঙালি…

অসমৰ এছ আৰক লৈ উদ্বিগ্ন বিৰোধী দলপতি দেৱব্ৰত শইকীয়া

অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই বিশেষ সংশোধন (এছ আৰ)ৰ পিছত প্ৰকাশিত ৰাজ্যৰ খচৰা ভোটাৰ তালিকাত “গুৰুতৰ অনিয়ম”ৰ অভিযোগ উত্থাপন কৰি মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰলৈ পত্ৰ প্ৰেৰণ কৰিছে। কংগ্ৰেছৰ…

গুৱাহাটীৰ ৰাজপথত হেলমেট নিপিন্ধা উদণ্ড বাইক চালকক সতৰ্ক কৰিলে যমৰাজ-চিত্তগুপ্তই

ৰাজ্যজুৰি অনুষ্ঠিত ৰাষ্ট্ৰীয় পথ-সুৰক্ষা মাহৰ কাৰ্যসূচী কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা সমিতিৰ উদ্যোগতো আৰম্ভ হ’ল । আজি নতুন বছৰটোৰ প্ৰথম দিনাই হেলমেট পৰিধান নকৰা উদণ্ড বাইক চালকক নিয়ন্ত্ৰণ কৰিবলৈ ৰাজপথত…

অসম গ্ৰন্থমেলাত ভিক্টৰ ৰাজকুমাৰৰ ‘পৃথিৱী’ উন্মোচন

অসম গ্ৰন্থমেলাৰ প্ৰফুল্ল গোবিন্দ বৰুৱাৰ সভাগৃহত গুৱাহাটী পাঞ্জাবাৰী আনন্দিনী প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা কবি ভিক্টৰ ৰাজকুমাৰৰ দ্বিতীয়খনি কবিগ্ৰন্থ ‘পৃথিৱী’ উন্মোচন কৰে বিশিষ্ট সাহিত্যিক, গীতিকাৰ ড° অঞ্জনজ্যোতি চৌধুৰী, কবি দেৱপ্ৰসাদ তালুকদাৰ…

২২ জানুৱাৰীৰ পৰা ২৫ জানুৱাৰীলৈ জ্যোতি চিত্ৰবনত অনুষ্ঠিত হ’ব দ্বিতীয় গুৱাহাটী এছিয়ান চলচ্চিত্ৰ মহোৎসৱ

২২ জানুৱাৰীৰ পৰা ২৫ জানুৱাৰীলৈ জ্যোতি চিত্ৰবনত অনুষ্ঠিত হ’ব দ্বিতীয় গুৱাহাটী এছিয়ান চলচ্চিত্ৰ মহোৎসৱ (জি এ এফ এফ)। ট্ৰেণ্ডিং নাও মিডিয়াৰ উদ্যোগত আয়োজিত আৰু ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ…

বন্ধাকবিত থকা ফিটা পলুৱে কাঢ়িলে প্ৰাণ! উত্তৰ প্ৰদেশত চাঞ্চল্যকৰ ঘটনা

বন্ধাকবিৰ ভিতৰত থকা ফিটা পলুৱে অকাল মৃত্যুৰ কাৰণ হৈ পৰিল এগৰাকী ১৭ বছৰীয়া ছাত্ৰীৰ। উত্তৰ প্ৰদেশৰ অমৰোহা জিলাৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী ইলমাৰ চিকিৎসাধীন অৱস্থাতে মৃত্যু হোৱা ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি…

১৭ জানুৱাৰীত প্ৰধানমন্ত্ৰীৰ উপস্থিতিত গুৱাহাটীত বাগৰুম্বা নৃত্য

মেগা বিহু আৰু ঝুমুই বিন্দিনিৰ পাছত এতিয়া অসম চৰকাৰে এইবাৰ বাগৰুম্বাৰ আয়োজন কৰিছে। সৰুসজাই ষ্টেডিয়ামত বড়ো সমাজে বিশ্ববাসীৰ আগত উপস্থাপন কৰিব বাগৰুম্বা নৃত্য। শুকুৰবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু…