মাটি ক্ৰয়ৰ  আপত্তিবিহীন  প্ৰমাণপত্ৰৰ নামত উৎকোচ লৈ  গ্ৰেপ্তাৰ উচ্চ পদস্থ চৰকাৰী বিষয়া লাচিত কুমাৰ দাস। গুৱাহাটীৰ ৰূপনগৰস্থিত ভূমিলেখ্য সঞ্চালকালয়ৰ অতিৰিক্ত ভূমিলেখ্য অধিকর্তা হিচাপে কৰ্মৰত এইগৰাকী দুর্নীতিপৰায়ণ বিষয়াই এগৰাকী আবেদনকাৰীৰ পৰা মাটি ক্ৰয়ৰ আপত্তিবিহীন প্রমাণপত্ৰৰ নামত ৪৫ হেজাৰ টকা উৎকোচ লওতে দুর্নীতি নিবাৰক শাখাৰ জালত পৰে । অভিযোগ কাৰী তথা মাটি ক্ৰেটাৰ পৰা লাচিত কুমাৰ দাসে ধন দাবী কৰিছিল। সেইসূত্রে বৃহস্পতিবাৰে তেওঁ ৪৫ হেজাৰ টকা উৎকোচ লোৱাৰ সময়তে তেওঁক তদাৰকী আৰু দুর্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে। তেওঁক গ্ৰেপ্তাৰ কৰাৰ পিছতেই বেলতলাৰ ঘৰত প্ৰায় ১২ ঘন্টা অভিযান চলাইছিল । নগদ ৪৮,৩৮,১৫০ টকা, ৪৮৩ গ্ৰাম সোণৰ অলংকাৰ উপৰিও সম্পত্তি নথি পত্ৰ , জীৱন বীমা , বেংকৰ পাচবুকৰ লগতে অন্যান্য নথি পত্ৰ জব্দ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *