লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে কৰা শেহতীয়া মন্তব্যক লৈ এতিয়া সৃষ্টি হৈছে তীব্ৰ ৰাজনৈতিক প্ৰতিক্ৰিয়াৰ। এই প্ৰসংগত শুকুৰবাৰে গুৱাহাটীত সংবাদ মাধ্যমৰ সন্মুখত কংগ্ৰেছ নেতাজনক কঠোৰ ভাষাৰে সমালোচনা কৰে বিজেপি নেতা তথা বিহপুৰীয়াৰ বিধায়ক ভূপেন কুমাৰ বৰাই। দেশৰ জনসাধাৰণৰ আস্থা অৰ্জন কৰাত ৰাহুল গান্ধী সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱা বুলি তেওঁ দাবী কৰে। সংবাদমেলত বিজেপি বিধায়কগৰাকীয়ে কয়, “ৰাহুল গান্ধীয়ে দেশৰ প্ৰধানমন্ত্ৰী হ’বলৈ আশা কৰিছিল। কিন্তু দেশৰ জনসাধাৰণে তেওঁক গ্ৰহণ নকৰাৰ বাবেই তেওঁ আজি প্ৰধানমন্ত্ৰী হ’ব পৰা নাই।” কেৱল ৰাইজৰ সঁহাৰি আৰু সৰ্বাত্মক সমৰ্থনৰ বাবেই নৰেন্দ্ৰ মোদীয়ে ধাৰাবাহিকভাৱে তিনিবাৰকৈ দেশৰ প্ৰধানমন্ত্ৰী পদ অলংকৃত কৰিবলৈ সক্ষম হৈছে বুলি তেওঁ মত প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীগৰাকীক লক্ষ্য কৰি ৰাহুল গান্ধীয়ে ব্যৱহাৰ কৰা ভাষাৰ ওপৰতো তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে প্ৰাক্তন কংগ্ৰেছী তথা বৰ্তমানৰ বিজেপি বিধায়ক ভূপেন কুমাৰ বৰাই। প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভন শব্দ প্ৰয়োগ কৰাৰ বাবেই কংগ্ৰেছ নেতাগৰাকীৰ ৰাজহুৱা গ্ৰহণযোগ্যতা দিনক দিনে হ্ৰাস পাই আহিছে বুলি তেওঁ দাবী কৰে। বিৰোধী দলপতিগৰাকীৰ এনে স্থিতি আৰু মন্তব্যই তেওঁক দেশবাসীৰ ওচৰত অধিক অপ্ৰিয় কৰি তুলিছে বুলিও কটাক্ষ কৰে ভূপেন বৰাই। Share this:FacebookX Related Post navigation দিল্লী সংঘৰ্ষ গোচৰ; উমৰ খালিদ আৰু ছাৰ্জিল ইমামৰ জামিন আবেদন বৃহৎ বিচাৰপীঠলৈ প্ৰেৰণ উচ্চতম ন্যায়ালয়ৰ মেঘালয়ৰ পৰা অহা অভাৰলোড শিল পৰিবাহী ডাম্পাৰৰ চলাচলত যাতায়াতৰ অনুপযোগী হৈ পৰিছে ৰাণীৰ ভিতৰুৱা অঞ্চলৰ বহু বাট – পথ