Category: Assam

মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ডি ডি লাপাঙৰ মৃত্যু

মেঘালয়ৰ চাৰিবাৰৰ মুখ্যমন্ত্ৰী ডি ডি লাপাঙৰ মৃত্যু ঘটিছে। চিকিৎসালয়ত তেওঁৰ মৃত্যু হোৱা বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে।লাপাঙে (৯৩) ইহ সংসাৰত পত্নী এমেথিষ্ট লিণ্ডা জ’নছ ব্লাহ আৰু দুটা সন্তানক এৰি থৈ…

ভৰতৰ ৰেল নেটৱৰ্কত অন্তৰ্ভুক্ত মিজোৰাম

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে মিজোৰামৰ ৰাজধানী আইজলক সংযোগ কৰিব পৰা বৈৰাবি-ছাইৰাং ৰেলপথ উদ্বোধন কৰে। ২০১৪ চনত প্ৰধানমন্ত্ৰী হোৱাৰ পিছত দ্বিতীয়বাৰৰ বাবে ৰাজ্য ভ্ৰমণৰ সময়ত মোদীয়ে আইজলৰ পৰা এখন ৰাজধানী এক্সপ্ৰেছৰ…

নগাঁওত ১৭ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে ‘মানুহে মানুহৰ বাবে’ গীত গাই ৰচিলে অভিলেখ

সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে নগাঁও জিলাত ১৭ হাজাৰৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে তেওঁৰ বিখ্যাত গীত ‘মানুহে মানুহৰ বাবে’ গীতটি সামূহিকভাৱে গাই ‘ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ’ত নিজৰ নাম অন্তৰ্ভূক্ত কৰে।…

গৌৰৱ গগৈৰ পাকিস্তান সংযোগ সন্দর্ভত মুখ্যমন্ত্ৰীক এছ আই টিৰ প্ৰতিবেদন দাখিল

লোকসভাৰ বিৰোধী দলৰ উপ-দলপতি গৌৰৱ গগৈৰ পাকিস্তানৰে সংযোগ সন্দর্ভত তদন্তৰ বাবে মুখ্যমন্ত্রীয়ে যি এছ আই টি গঠন কৰিছিল, সেই এছ আই টিয়ে তদন্ত সম্পূর্ণ কৰি নির্ধাৰিত সময়ত অর্থাৎ ১০ ছেপ্টেম্বৰত…

অসমৰ পৰা বিদেশী বহিষ্কাৰৰ ভূমিকাত থাকিব জিলা উপায়ুক্ত-অতিৰিক্ত জিলা উপায়ুক্ত

অসম চৰকাৰৰ কেবিনেটে ‘বিদেশী (অসমৰ পৰা বহিষ্কাৰ) আইন, ১৯৫০’ৰ অধীনত ৰাজ্যৰ পৰা বিদেশীক অপসাৰণৰ বাবে এটা মানক পৰিচালনা পদ্ধতি (এছ অ’ পি)ত অনুমোদন জনাইছে। মঙলবাৰে সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই…

‘কা’ৰ ভিত্তিত ভাৰতীয় নাগৰিকত্ব আবেদনৰ সময় ২০২৪ৰ ৩১ ডিচেম্বৰলৈ বৃদ্ধি

ধৰ্মীয় নিৰ্যাতনৰ পৰা হাত সাৰি ভাৰতলৈ অহা আফগানিস্তান, বাংলাদেশ আৰু পাকিস্তানৰ অমুছলমানক কেন্দ্ৰীয় চৰকাৰে ডাঙৰ সকাহ দিছে। গৃহ মন্ত্ৰালয়ে এক নিৰ্দেশত কয় যে ২০২৪ চনৰ ৩১ ডিচেম্বৰলৈকে ভাৰতলৈ অহা হিন্দু,…

বিশ্বৰ আগত সামৰিক শক্তি প্ৰদৰ্শন চীনৰ

বিশ্বৰ আগত সামৰিক শক্তি প্ৰদৰ্শন কৰিলে চুবুৰীয়া ৰাষ্ট্ৰ চীনে। বুধবাৰে বিজয় দিৱসৰ পেৰেডত বৃহৎ সামৰিক শক্তি প্ৰদৰ্শন কৰে চীনে। ৰাষ্ট্ৰপতি ছি জিনপিঙৰ ভাষণৰ পিছত চীনৰ সামৰিক শক্তি প্ৰদৰ্শন কৰা হয়।…

জালুকবাৰী আৰক্ষী থানাৰ উদ্যোগত দুৰ্গা পূজা উদযাপন আৰু প্ৰতিমা বিসৰ্জন বিষয়ক সভা সম্পন্ন

আগন্তুক শাৰদীয় দুৰ্গা পূজালৈ মাজতে প্ৰায় এটা মাহ বাকী থকা অৱস্থাত গুৱাহাটী মহানগৰীৰ ভিতৰত সৰ্বাধিক প্ৰায় ৮৩ খন ৰাজহুৱা দুৰ্গা পূজা অনুষ্ঠিত হৈ অহা জালুকবাৰী আৰক্ষী থানা এলেকাত এইবেলিও যাতে…

বৈষ্ণো দেৱীত ভূমিস্খলনত মৃতকৰ সংখ্যা ৩২ লৈ বৃদ্ধি

বৈষ্ণো দেৱীত ভূমিস্খলনত মৃতকৰ সংখ্যা ৩২ লৈ বৃদ্ধি পাইছে, কাৰণ উদ্ধাৰকাৰীয়ে ধ্বংসাৱশেষৰ পৰা আৰু অধিক মৃতদেহ উদ্ধাৰ কৰিছে। জম্মু-কাশ্মীৰৰ ৰিয়াছি জিলাৰ পাহাৰীয়া অঞ্চলত অৱস্থিত বৈষ্ণো দেৱী মন্দিৰলৈ যোৱা পথত এদিন…

শগুনৰ সংখ্যা উদ্বেগজনকভাৱে হ্ৰাস, আঁৰৰ কাৰণ কি

প্ৰকৃতিৰ চাফাই কৰ্মী হিচাপে পৰিচিত শগুনৰ পৰিৱেশক ৰোগমুক্ত কৰি ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা আছে যদিও এতিয়া, ইহঁতে নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে। পূৰ্বতে আমাৰ পথাৰবোৰত বহুতো শগুন দেখা গৈছিল…