কৰ্মৰ সন্ধানত বহিঃৰাজ্যলৈ গৈ পুনৰ ৰহস্যজনক মৃত্যুক সাৱটিবলগীয়া হ’ল আন এজন অসমীয়া যুৱকে। তামিলনাডুৰ জোলাৰপেট্টাইজংচনৰ সমীপত সোমবাৰে অসমৰ এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। মৃত যুৱকজনক মৰিয়নীৰ লাহিং নৈ সিপৰীয়া গাঁৱৰ বাসিন্দা ৰিপন চুতীয়া বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে। জানিব পৰা মতে, নিজৰ কৰ্মস্থলী বেংগালুৰুলৈ ৰে’লেৰে যাত্ৰা কৰি আছিল ৰিপন চুতীয়াই। কিন্তু সেই সময়তে ৰহস্যজনকভাৱে সন্ধানহীন হৈ পৰে যুৱকজনক। ইয়াৰ পিছতে তামিলনাডুৰ ৰে’লপথৰ কাষত যুৱকজনৰ মৃতদেহ উদ্ধাৰ হয়। যুৱকজনক চলন্ত ৰে’লৰ ভিতৰতে কোনো দুষ্কৃতিকাৰীয়ে পৰিকল্পিতভাৱে হত্যা কৰি পেলাই থৈ যোৱাৰ গুৰুতৰ সন্দেহ প্ৰকাশ কৰিছে শোকাকুল পৰিয়ালবৰ্গই। ঘটনা সন্দৰ্ভত স্থানীয় ৰেল আৰক্ষীয়ে ইতিমধ্যে এক গোচৰ ৰুজু কৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ইফালে যুৱকজনৰ মৃত্যুৰ খবৰ লাভ কৰাৰ পাছতে এতিয়া মৰিয়নীত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। Share this:FacebookX Related Post navigation নীট প্ৰশ্নকাকত ফাদিল কাণ্ডৰ আন এগৰাকী মাষ্টাৰমাইণ্ডক গ্ৰেপ্তাৰ চিবিআইৰ; এনটিএৰ প্ৰশ্নকাকত প্ৰস্তুতকাৰী কমিটিত আছিল ধৃত প্ৰবক্তা মনীষা মান্ধাৰে সংঘ প্ৰধান মোহন ভাগৱতৰ হোজাই ভ্ৰমণক কেন্দ্ৰ কৰি ব্যাপক কৌতূহল; কেবিনেট সম্প্ৰসাৰণক লৈ তীব্ৰ ৰাজনৈতিক তৎপৰতা