মুগ খেতি চপাবলৈ নদী পাৰ হওঁতেই কোশী নদীত নাও উলটি সন্ধানহীন হৈ পৰে তিনিগৰাকী মহিলা কৃষক। বিহাৰৰ দৰভংগা জিলাত বুধবাৰে পুৱা সংঘটিত এই দুৰ্ঘটনাৰ পাছত নিৰুদ্দিষ্ট মহিলা কেইগৰাকীৰ সন্ধানত উদ্ধাৰ অভিযান আৰম্ভ কৰিছে এছডিআৰএফে।

কৰ্তৃপক্ষই জনোৱা মতে, জামালপুৰ আৰক্ষী থানাৰ অন্তৰ্গত তৰৱৰা ঘাটৰ ওচৰত এই ঘটনা ঘটে। প্ৰায় ১০ জন কৃষকে একেখন নাওত নদী পাৰ হৈ খেতিপথাৰলৈ গৈ আছিল। তেওঁলোকৰ অধিকাংশই আছিল মহিলা।

প্ৰবল সোঁতৰ মাজত নাওখন ভাৰসাম্য হেৰুৱায় আৰু কিছু সময়ৰ পাছতে নাওখন উলটি পানীত ডুব যায়। দুৰ্ঘটনাৰ লগে লগে যাত্ৰীসকলে নিজকে ৰক্ষা কৰিবলৈ চেষ্টা চলায়।

ঘটনাস্থলীত থকা এছডিআৰএফৰ জোৱান ৰবীন্দ্ৰ কুমাৰে সাতজন লোকক উদ্ধাৰ কৰি সুৰক্ষিত স্থানলৈ আনে। অৱশ্যে এগৰাকী কিশোৰীসহ তিনিগৰাকী মহিলা কৃষক সোঁতত উটি যায় আৰু এতিয়াও তেওঁলোকৰ কোনো সন্ধান পোৱা হোৱা নাই।

খবৰ লাভ কৰাৰ পাছতে স্থানীয় প্ৰশাসনে উদ্ধাৰ অভিযান আৰম্ভ কৰে। বিৰৌল মহকুমাৰ প্ৰশাসনিক আৰু আৰক্ষী বিষয়াসকল ঘটনাস্থলীত উপস্থিত হৈ অভিযান তদাৰক কৰিছে।

মহকুমা বিষয়া শশাংক ৰাজে কয়, “ঘটনাটোৰ খবৰ পোৱাৰ পাছতে এছডিআৰএফৰ দল মোতায়েন কৰা হয়। নিখোজ লোকসকলৰ সন্ধান অব্যাহত আছে আৰু ঘটনাটোৰ সকলো দিশৰ তথ্য সংগ্ৰহ কৰা হৈছে।”

উল্লেখ্য, এদিন পূৰ্বেও সাহাৰছা জিলাত কোশী নদীত কৃষক কঢ়িয়াই নিয়া এখন নাও উলটি গৈছিল। অৱশ্যে সেই ঘটনাত সকলো যাত্ৰীক স্থানীয় লোকে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *