চলি থকা আই পি এল (IPL) প্ৰতিযোগিতাত খেলুৱৈ আৰু মেচ অফিচিয়েলসকলৰ বাবে বি চি চি আই (BCCI)-ৰ দুৰ্নীতি প্ৰতিৰোধী শাখাই (ACSU) স্মাৰ্ট ছানগ্লাছ ব্যৱহাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে। মোবাইল ডাটা বা ৱাই-ফাই নেটৱৰ্কৰ জৰিয়তে লাইভ ষ্ট্ৰীমিং আৰু ভিডিঅ’ কলিং কৰিব পৰা ইয়াৰ উন্নত যোগাযোগ ব্যৱস্থাৰ বাবেই এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।
লীগৰ ফ্ৰেঞ্চাইজি বা দলসমূহলৈ প্ৰেৰণ কৰা এক পৰামৰ্শৱলীত BCCI ACSU-ৱে উল্লেখ কৰিছে যে কিছুমান কোম্পানীয়ে খেলুৱৈ আৰু সহযোগী কৰ্মচাৰীসকলক স্মাৰ্ট ছানগ্লাছৰ বিপণন আৰু বিক্ৰী কৰি থকাটো দৃষ্টিগোচৰ হৈছে।
ব’ৰ্ডে কয়, “অনুগ্ৰহ কৰি মন কৰিব যে এই সঁজুলিবোৰত উন্নত যোগাযোগ ব্যৱস্থা আছে, যাৰ ভিতৰত আছে লাইভ ষ্ট্ৰীমিং, টেক্সট বাৰ্তা প্ৰেৰণ আৰু গ্ৰহণ কৰা, লগতে মোবাইল ডাটা বা ৱাই-ফাই নেটৱৰ্কৰ জৰিয়তে অডিঅ’ আৰু ভিডিঅ’ কলিং কৰাৰ সুবিধা।”
“সেই অনুসৰি, PMOA-ৰ নিম্নতম নিয়মৰ অধীনত, এনে চশমাক ‘অডিঅ’/ভিডিঅ’ ৰেকৰ্ডিং ডিভাইচ’ আৰু ‘কমিউনিকেশ্যন ডিভাইচ’ (যোগাযোগৰ সঁজুলি) দুয়োটা শ্ৰেণীতে অন্তৰ্ভুক্ত কৰা হৈছে।”
ইয়াত লগতে কোৱা হৈছে, “ইয়াৰ দ্বাৰা অধিসূচিত কৰা হ’ল যে প্লেয়াৰ্ছ এণ্ড মেচ অফিচিয়েলছ এৰিয়া (PMOA)-ৰ ভিতৰত ‘স্মাৰ্ট গগলছ’ বা চশমা হাতত ৰখা আৰু/বা ব্যৱহাৰ কৰাটো সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে।”
উল্লেখযোগ্য যে নিৰ্ধাৰিত PMOA-সমূহৰ ভিতৰত খেলুৱৈসকলক কোনো ধৰণৰ যোগাযোগৰ সঁজুলি ব্যৱহাৰ কৰিবলৈ দিয়া নহয়। চলি থকা এই সংস্কৰণটোতেই ৰাজস্থান ৰয়েলছৰ ৰোমি ভিণ্ডাৰক মেচ চলি থকাৰ সময়ত টিম ডুগআউটত (team dugout) ফোন ব্যৱহাৰ কৰি কেমেৰাত ধৰা পৰাৰ পিছত ১ লাখ টকাৰ জৰিমনা আৰু সকীয়নি প্ৰদান কৰা হৈছিল।
শেহতীয়া পৰামৰ্শৱলীত ব’ৰ্ডে খেলুৱৈ আৰু অফিচিয়েলসকলক PMOA-ত প্ৰৱেশ কৰাৰ পূৰ্বে স্মাৰ্ট ছানগ্লাছো জমা দিবলৈ অনুৰোধ জনাইছে আৰু এই নিয়ম উলংঘা কৰিলে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সকীয়াই দিছে। — পিটিআই (PTI)

By Tarali

Leave a Reply

Your email address will not be published. Required fields are marked *