ভাৰত-বাংলাদেশৰ মাজত অব্যাহত থকা কূটনৈতিক অস্থিৰতাৰ মাজতে দুই দেশৰ মাজত এইবাৰ সম্পন্ন হ’ল এক গুৰুত্বপূৰ্ণ বাণিজ্যিক চুক্তি। দক্ষিণ এছিয়াৰ ভূ-ৰাজনৈতিক পৰিৱৰ্তনৰ মাজতো চুবুৰীয়া দেশখনৰ ইন্ধনৰ নাটনি দূৰ কৰিবলৈ বাংলাদেশে পুনৰ অসমৰ নুমলীগড় শোধনাগাৰৰ ওপৰতে নিৰ্ভৰ কৰিছে। অহা ডিচেম্বৰ মাহৰ ভিতৰত বাংলাদেশে ১.৮০ লাখ টন ডিজেল আমদানি কৰাৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্তত বুধবাৰে মোহৰ মাৰে। ঢাকাৰ চৰকাৰী ক্ৰয় সংক্ৰান্তীয় উপদেষ্টা সমিতিয়ে এই বৃহৎ বাণিজ্যিক লেনদেনত আনুষ্ঠানিক অনুমোদন জনায়।

বাংলাদেশৰ বিত্ত উপদেষ্টা ছালেহউদ্দিন আহমেদৰ অধ্যক্ষতাত অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ বৈঠকত এই ক্ৰয় প্ৰক্ৰিয়া চূড়ান্ত কৰা হয়। ৰাষ্ট্ৰীয় তেল নিগম ‘বাংলাদেশ পেট্ৰ’লিয়াম কৰ্পোৰেশ্যন’ৰ জৰিয়তে এই ডিজেল আমদানিৰ প্ৰক্ৰিয়া আগবঢ়াই নিবলৈ নিৰ্দেশ দিয়া হয়।

জানিব পৰা মতে, এই আমদানিৰ বাবে প্ৰায় ১৪.৬২ বিলিয়ন টাকা ব্যয় কৰিব বাংলাদেশে। এই কাৰ্যৰ বাবে প্ৰয়োজনীয় ধনৰ একাংশ বি পি চিয়ে পোনপটীয়াকৈ পৰিশোধ কৰিব আৰু বাকী অংশ বেংক ঋণৰ জৰিয়তে যোগাৰ কৰিব।

বাংলাদেশৰ শক্তি আৰু খনিজ সম্পদ উপদেষ্টা মুহাম্মদ ফৌ জুল কবিৰ খানে সংবাদ মাধ্যমক জনোৱা মতে, পূৰ্বৰ চৰকাৰৰ কাৰ্যকালত স্বাক্ষৰিত ১৫ বছৰীয়া এক দীৰ্ঘম্যাদী চুক্তিৰ অধীনতে এই ডিজেল আমদানিৰ প্ৰক্ৰিয়া আগবাঢ়িছে। আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক চুক্তি অনুসৰি অসমত উৎপাদিত এই ডিজেল পাইপলাইনৰ জৰিয়তে সীমান্ত অতিক্ৰম কৰি বাংলাদেশত উপস্থিত হ’ব। ২০২২ চনৰ ডিচেম্বৰ মাহত কাৰ্যকৰী হোৱা ভাৰত-বাংলাদেশ মৈত্ৰী পাইপলাইনে এই সৰবৰাহ অধিক দ্ৰুত আৰু সহজসাধ্য কৰিব।

নুমলীগড় শোধনাগাৰৰ পৰা শিলিগুৰিলৈ অহা ডিজেলখিনি এই পাইপলাইনেৰে বাংলাদেশলৈ প্ৰেৰণ কৰা হ’ব। আন্তঃৰাষ্ট্ৰীয় বজাৰৰ দৰৰ সৈতে সংগতি ৰাখি প্ৰতি বেৰেলত ৫.৫০ মাৰ্কিন ডলাৰ প্ৰিমিয়াম আৰু ৮৩.২২ ডলাৰৰ আধাৰ মূল্যত এই ডিজেলৰ মূল্য নিৰ্ধাৰণ কৰা হৈছে। এই পদক্ষেপে দুই দেশৰ বাণিজ্যিক মৈত্ৰীক শক্তিশালী কৰাৰ লগতে অসমৰ ইন্ধন উদ্যোগৰ বাবেও এক নতুন সম্ভাৱনা কঢ়িয়াই আনিব।

Leave a Reply

Your email address will not be published. Required fields are marked *