কূটনৈতিক জটিলতাৰ মাজতে ভাৰতত অনুষ্ঠিত হ’বলগীয়া ব্ৰিকছ সন্মিলনৰ আউটৰিচ অধিৱেশনৰ নিমন্ত্ৰণ নাকচ কৰে বাংলাদেশে। বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমানক ব্যক্তিগতভাৱে এই বৈঠকত অংশ ল’বলৈ নিমন্ত্ৰণ কৰা হোৱা নাই বুলি স্পষ্ট কৰে ঢাকা চৰকাৰে। বাংলাদেশৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী হুমায়ুন কবীৰে বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত সদৰী কৰে যে বিমষ্টেকৰ বৰ্তমানৰ অধ্যক্ষ হিচাপহে এই নিমন্ত্ৰণ প্ৰেৰণ কৰা হৈছিল, গতিকে তাত অংশগ্ৰহণৰ কোনো প্ৰশ্নই নুঠে।

সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত হুমায়ুন কবীৰে কয়, “আমাৰ প্ৰধানমন্ত্ৰীক কোনে নিমন্ত্ৰণ কৰিলে? বিমষ্টেকৰ অধ্যক্ষকহে নিমন্ত্ৰণ জনোৱা হৈছিল। বাংলাদেশ চৰকাৰৰ পৰা কাকো ব্যক্তিগতভাৱে নিমন্ত্ৰণ কৰা হোৱা নাই, গতিকে আমাৰ ফালৰ পৰা কোনো প্ৰতিনিধি প্ৰেৰণ কৰাৰো প্ৰয়োজন নাই।”

অহা ১২ আৰু ১৩ ছেপ্টেম্বৰত নতুন দিল্লীত ব্ৰিকছ সন্মিলনৰ আউটৰিচ অধিৱেশন অনুষ্ঠিত হোৱাৰ কথা।

ইফালে, ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে নতুন দিল্লীত উল্লেখ কৰে যে বিমষ্টেকৰ বৰ্তমানৰ অধ্যক্ষ হিচাপে বাংলাদেশৰ প্ৰধানমন্ত্ৰীক ১৮ সংখ্যক ব্ৰিকছ সন্মিলনলৈ নিমন্ত্ৰণ জনোৱা হৈছে। ইয়াৰ সমান্তৰালভাৱে ফেব্ৰুৱাৰী মাহৰ পৰাই প্ৰধানমন্ত্ৰীগৰাকীৰ বাবে এখন পৃথক দ্বিপাক্ষিক নিমন্ত্ৰণ পত্ৰও বাহাল আছে বুলি জয়ছোৱালে কয়।

কিন্তু বাংলাদেশৰ বৈদেশিক ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে প্ৰধানমন্ত্ৰী তাৰিক ৰহমানৰ প্ৰথমটো ভাৰত ভ্ৰমণ কেতিয়াও কোনো বহুপাক্ষিক সন্মিলনৰ অংশ হ’ব নোৱাৰে। তেওঁলোকে ভাৰতৰ সৈতে এক সুকীয়া দ্বিপাক্ষিক ভ্ৰমণৰ বাবেহে যথোপযুক্ত সময়ৰ অপেক্ষা কৰিছে।

পূৰ্বৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ ভাৰতত উপস্থিতি, তেওঁক গতাই দিয়াৰ দাবী আৰু জল বণ্টন চুক্তিৰ দৰে স্পর্শকাতৰ বিষয়সমূহক লৈ দুয়োখন দেশৰ মাজত বৰ্তমান কূটনৈতিক শীতলতা অব্যাহত আছে। আনহাতে, যোৱা ফেব্ৰুৱাৰী মাহত লোকসভাৰ অধ্যক্ষ ওম বিৰলাই বাংলাদেশলৈ গৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এক নিমন্ত্ৰণ পত্ৰ তাৰিক ৰহমানক অৰ্পণ কৰিছিল যদিও বৰ্তমানৰ পৰিস্থিতিত ব্ৰিকছৰ এই নিমন্ত্ৰণ প্ৰত্যাখ্যানে দুয়োখন চুবুৰীয়া ৰাষ্ট্ৰৰ সম্পৰ্কক পুনৰ চৰ্চালৈ আনিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *