ভাৰত-বাংলাদেশ সীমান্তৰ জিৰ’ লেণ্ডত ১১ দিন ধৰি আৱদ্ধ হৈ থকা আৰু দুজন বাংলাদেশী নাগৰিকক অৱশেষত নিজ দেশত প্ৰৱেশৰ অনুমতি দিলে বৰ্ডাৰ গাৰ্ড বাংলাদেশে। ঝালোৰচৰ বিএছএফ কেম্প সংলগ্ন সীমান্তৱৰ্তী এলেকাত থকা দুয়োজনে মঙলবাৰে বাংলাদেশত প্ৰৱেশৰ সুযোগ লাভ কৰে। ১৩ জুনৰ পুৱা প্ৰায় ৫ বজাৰ পৰা সীমান্তৰ জিৰ’ লেণ্ডত আৱদ্ধ হৈ থকা দুয়োজনে প্ৰায় ১১ দিন, অৰ্থাৎ ২৪০ ঘণ্টা অপেক্ষা কৰাৰ পাছত এই অনুমতি লাভ কৰে। ইয়াৰ পূৰ্বে একে স্থানতে আৱদ্ধ হৈ থকা দুই শিশু আৰু এগৰাকী মহিলাসহ চাৰিজনীয়া এটা পৰিয়ালক যোৱা ১৮ জুনত প্ৰায় ৯৬ ঘণ্টাৰ অন্তত বাংলাদেশে গ্ৰহণ কৰিছিল। বৰ্ডাৰ গাৰ্ড বাংলাদেশ আৰু সীমান্তৱৰ্তী একাংশ বাংলাদেশী লোকৰ মনোভাৱৰ বাবেই এই নাগৰিকসকলে দীৰ্ঘসময় জিৰ’ লেণ্ডত কটাবলগীয়া হোৱা বুলি অভিযোগ উত্থাপিত হৈছে। ৰ’দ-বৰষুণৰ মাজতো কেৱল এখন টিৰ্পালৰ তলত আশ্ৰয় লৈ তেওঁলোকে ১১ দিন ধৰি অমানৱীয় পৰিস্থিতিত সময় অতিবাহিত কৰিবলগীয়া হৈছিল। অৱশ্যে বিষয়টোৰ সম্পূৰ্ণ সমাধান এতিয়াও হোৱা নাই। সাহাপাৰা সীমান্ত এলেকাৰ জিৰ’ লেণ্ডত আৱদ্ধ হৈ থকা আন তিনিজন বাংলাদেশী নাগৰিক এতিয়াও নিজ দেশত প্ৰৱেশৰ অনুমতিৰ অপেক্ষাত আছে। প্ৰায় ২৫৫ ঘণ্টাধৰি সীমান্তত আৱদ্ধ হৈ থকা এই তিনিজনৰ ভৱিষ্যৎক লৈ অনিশ্চয়তা অব্যাহত আছে। উল্লেখযোগ্য যে, ১৩ জুনৰ পুৱা মানকাচৰ-বাংলাদেশ সীমান্তৰ সাহাপাৰা আৰু ঝালোৰচৰ বিএছএফ কেম্প এলেকাৰে মুঠ ৯ জন বাংলাদেশী নাগৰিকক বাংলাদেশলৈ পুছবেক কৰা হৈছিল। ইয়াৰে তিনিজনক সাহাপাৰা আৰু ছয়জনক ঝালোৰচৰ সীমান্ত এলেকাৰ জিৰ’ লেণ্ডত ৰখা হৈছিল। ঝালোৰচৰ এলেকাত থকা ছয়জন বাংলাদেশী নাগৰিকক ইতিমধ্যে গ্ৰহণ কৰিছে বাংলাদেশে। আনহাতে, সাহাপাৰা এলেকাত থকা তিনিজনক এতিয়াও দেশখনত প্ৰৱেশৰ অনুমতি দিয়া হোৱা নাই। নিজ দেশৰ সীমান্তত দীঘলীয়া সময় ধৰি নাগৰিক আৱদ্ধ হৈ থকাৰ ঘটনাক মানৱীয় দৃষ্টিকোণৰ পৰা গুৰুত্বপূৰ্ণ বিষয় হিচাপে চিহ্নিত কৰিছে বিভিন্ন মহলে। এতিয়া সাহাপাৰাত আৱদ্ধ হৈ থকা তিনিজন বাংলাদেশী নাগৰিকক কেতিয়া বাংলাদেশে গ্ৰহণ কৰে, সেয়াই লক্ষ্যণীয় বিষয় হৈ পৰিছে। Share this:FacebookX Related Post navigation ৰাজপথত গৰাকীবিহীন কুকুৰ-জীৱ-জন্তুৰ উপদ্ৰৱঃ নিজাববীয়া গোচৰ ৰজু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাগ চিনে এৱাৰ্ডছ ২০২৬