বিশ্ব পৰিৱেশ দিৱসৰ পবিত্ৰ ক্ষণতে এক অভূতপূৰ্ব সেউজ বিপ্লৱৰ সাক্ষী হৈ ৰ’ল সমগ্ৰ ৰাজ্যবাসী। কেৱল আঠ ঘণ্টাৰ ভিতৰতে এক কোটি ২০ লাখতকৈও অধিক গছপুলি ৰোপণ কৰি অসমে আজি গঢ়িলে এক নতুন অভিলেখ। ৰাজ্য চৰকাৰে হাতত লোৱা এই বিশাল বৃক্ষৰোপণ কাৰ্যসূচীৰ ঐতিহাসিক সফলতাৰ কথা ছচিয়েল মিডিয়াযোগে ঘোষণা কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।

এই অভূতপূৰ্ব কাৰ্যসূচীক নেতৃত্ব দিয়া ৰাজ্যৰ উদ্যমী নাৰী শক্তিক মুখ্যমন্ত্ৰীগৰাকীয়ে বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰে। অসমৰ সেউজ অভিযানৰ ক্ষেত্ৰত এই প্ৰচেষ্টাই এক নতুন মাত্ৰা প্ৰদান কৰা বুলি তেওঁ উল্লেখ কৰে। সামাজিক মাধ্যম এক্সত মুখ্যমন্ত্ৰীয়ে লিখে যে অসমে এক ঐতিহাসিক মাইলৰখুঁটি স্পৰ্শ কৰিবলৈ সক্ষম হৈছে। কেৱল ৮ ঘণ্টাতে ১.২ কোটিৰো অধিক গছপুলি ৰোপণ কৰে ৰাজ্যৰ জনসাধাৰণে। এই সমগ্ৰ অভিযানৰ নেতৃত্ব বহন কৰে অসমৰ কৰ্মঠ নাৰী শক্তিয়ে।

এই বৃহৎ কাৰ্যসূচীত অংশগ্ৰহণ কৰা সকলো মহিলাকে অভিনন্দন জনাই মুখ্যমন্ত্ৰী শৰ্মাই কয় যে এই অনন্য কীৰ্তিস্তম্ভ স্থাপন কৰা মোৰ সকলো ভগ্নীলৈ মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

উল্লেখ্য যে এই বিশাল বনানীকৰণ অভিযানত আত্মসহায়ক গোটৰ সৈতে জড়িত লাখ লাখ মহিলাই সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। ইয়াৰ লগতে বিভিন্ন চৰকাৰী বিভাগ, থলুৱা সমাজ আৰু স্বেচ্ছাসেৱকসকলেও এই কাৰ্যসূচীত সম্পূৰ্ণ সহযোগিতা আগবঢ়ায়।

Leave a Reply

Your email address will not be published. Required fields are marked *