লংভিত আছাম ৰাইফলছৰ শিবিৰত ধাৰাসাৰ গুলীবৰ্ষণ । প্ৰায় ১৫ মিনিট ধৰি চলিল গুলীয়াগুলী ৷দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ প্ৰাকক্ষণত অৰুণাচল প্ৰদেশত এক চাঞ্চল্যকৰ কূটাঘাতমূলক ঘটনা সংঘটিত হৈছে । চাংলাং জিলাৰ নামপুং আৰক্ষী থানাৰ অন্তৰ্গত লংভিত অৱস্থিত আছাম ৰাইফলছৰ শিবিৰক লক্ষ্য কৰি সন্দেহযুক্ত বিদ্ৰোহী সংগঠনৰ এটা দলে নিশা আক্ৰমণ চলোৱাৰ অভিযোগ উত্থাপিত হৈছে । শুকুৰবাৰে পুৱতি নিশা প্ৰায় ৩:১৫ বজাত আছাম ৰাইফলছৰ শিবিৰটোক লক্ষ্য কৰি প্ৰথমে কেইবাটাও বিস্ফোৰণ সংঘটিত কৰাৰ পাছতে বিদ্ৰোহী দলটোৱে ধাৰাসাৰ গুলীবৰ্ষণ আৰম্ভ কৰে । ইয়াৰ প্ৰত্যুত্তৰত নিৰাপত্তাৰক্ষীয়েও গুলীচালনা কৰাত দুয়োপক্ষৰ মাজত প্ৰায় ১৫ মিনিট ধৰি গুলীয়াগুলীৰ ঘটনা সংঘটিত হয় ।এই পৰ্যন্ত সংঘৰ্ষৰ ফলত কোনো লোক হতাহত হোৱাৰ নিশ্চিত তথ্য লাভ কৰা হোৱা নাই । নিৰাপত্তা বাহিনীৰ শিবিৰ বা আন কোনো সম্পত্তিৰ ক্ষয়-ক্ষতিৰ বিষয়েও কৰ্তৃপক্ষৰ পৰা বিস্তৃত তথ্য প্ৰকাশ কৰা হোৱা নাই । Share this:FacebookX Related Post navigation তামিলনাডুৰ পৰা ৯ ভাৰতীয় মাছমৰীয়াক গ্ৰেপ্তাৰ উত্তৰাখণ্ডৰ এটা নিৰ্মীয়মান জলবিদ্যুৎ প্রকল্পত অঘটন