তামিলনাডুৰ পৰা ৯ ভাৰতীয় মাছমৰীয়াক গ্ৰেপ্তাৰ ৷ শ্ৰীলংকাৰ নৌসেনাই এই ভাৰতীয় মাছমৰীয়াসকলক গ্ৰেপ্তাৰ কৰে ৷ তামিলনাডুৰ মুখ্যমন্ত্ৰী চি জোচেফ বিজয়ে বৃহস্পতিবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰলৈ পত্ৰ লিখি বিষয়টোত কেন্দ্ৰৰ তাৎক্ষণিক কূটনৈতিক হস্তক্ষেপ দাবী কৰিছে ৷যোৱা ১২ আগষ্টৰ মাজনিশা ৰামনাথপুৰম জিলাৰ মাছমৰীয়াসকলক আটক কৰি ৰখা হৈছিল । আগষ্ট মাহত সংঘটিত এয়া দ্বিতীয়টো ঘটনা । বৰ্তমানলৈকে ৪৯ জন ভাৰতীয় মাছমৰীয়া শ্ৰীলংকাৰ জিম্মাত আছে । Share this:FacebookX Related Post navigation ইণ্ডিয়ান অভাৰচিজ বেংকে অসমৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫০ লাখ টকা বৰঙণি আগবঢ়াইছে আছাম ৰাইফলছৰ শিবিৰত ধাৰাসাৰ গুলীবৰ্ষণ