খাৰুৱা তেল আৰু গেছৰ ক্ৰমবৰ্ধমান আন্তঃৰাষ্ট্ৰীয় মূল্যৰ দোহাই দি এতিয়া সাধাৰণ গ্ৰাহকৰ ওপৰত পুনৰ এক তীব্ৰ আৰ্থিক বোজা জাপি দিলে কেন্দ্ৰীয় চৰকাৰে। চৰকাৰৰ ফ্লেগশ্বিপ কাৰ্যসূচী ‘প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা’ৰ হিতাধিকাৰীসকলে এতিয়াৰে পৰা বছৰেকত পূৰ্বৰ দৰে ১২টা বা ৯টা নহয়, কেৱল ৪টাহে ৰাজসাহায্যযুক্ত ৰন্ধন গেছৰ চিলিণ্ডাৰ লাভ কৰিব। পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব প্ৰবীণ মাল খানোজাই সোমবাৰে এখন সংবাদ মেলত এই নতুন কোটা নিৰ্ধাৰণৰ কথা সদৰী কৰে। উল্লেখ্য যে ২০১৬ চনৰ মে’ মাহত দৰিদ্ৰ পৰিয়ালৰ মহিলাসকলক বিনামূলীয়া গেছ সংযোগ দিয়াৰ বাবে এই আঁচনি আৰম্ভ কৰা হৈছিল। আৰম্ভণিতে হিতাধিকাৰীসকলক বছৰি ১২ টাকৈ ৰাজসাহায্যযুক্ত চিলিণ্ডাৰ আগবঢ়োৱা হৈছিল যদিও যোৱা বছৰ এই সংখ্যা ৯টালৈ হ্ৰাস কৰা হয়। এতিয়া তাক পুনৰ কমাই মাত্ৰ ৪টা কৰা কাৰ্যই দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালসমূহক চৰম সংকটৰ মাজলৈ ঠেলি দিছে। যদিও চৰকাৰে প্ৰতিটো চিলিণ্ডাৰত ৩০০ টকাৰ ৰাজসাহায্য বেংক একাউণ্টত জমা দিয়াৰ কথা কৈছে, তথাপিও দিল্লীত এটা চিলিণ্ডাৰৰ খুচুৰা মূল্য ৯৪২ টকালৈ বৃদ্ধি পোৱাৰ বাবে গ্ৰাহকে নিজৰ জেপৰ পৰা ৬৪২ টকা ভৰিবলগীয়া হৈছে। কেৱল ইমানেই নহয়, যোৱা জুন মাহৰ ৭ তাৰিখেও ৰন্ধন গেছৰ মূল্য প্ৰতিটো চিলিণ্ডাৰত ২৯ টকাকৈ বৃদ্ধি কৰা হৈছিল। ইয়াৰ সমান্তৰালভাৱে যোৱা মাহত চাৰিটা কিস্তিত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত প্ৰায় ৭.৫০ টকাকৈ বৃদ্ধি কৰাৰ লগতে চিএনজিৰ দৰো প্ৰতি কিলোগ্ৰামত ৬ টকাকৈ বৃদ্ধি কৰা হয়। আন্তঃৰাষ্ট্ৰীয় বজাৰত গেছৰ আমদানি ব্যয় প্ৰায় ৪৬ শতাংশ বৃদ্ধি পোৱাৰ অজুহাত দেখুৱাই চৰকাৰে গ্ৰাহকৰ ওপৰত এই মাধমাৰ সোধাইছে। তৈল কোম্পানীসমূহৰ লোকচানৰ খতিয়ান দাঙি ধৰি ঘৰুৱা ব্যৱহাৰৰ এটা চিলিণ্ডাৰৰ যোগান ব্যয় ১৬০০ টকা বুলি চৰকাৰী পক্ষই দাবী কৰিছে যদিও এই চৰম মূল্যবৃদ্ধি আৰু ৰাজসাহায্য কৰ্তনৰ সিদ্ধান্তই পুনৰ এবাৰ মাধমাৰ শোধাইছে জনতাৰ ওপৰত। Share this:FacebookX Related Post navigation ৰেস্তোৰাঁত লগৰীয়াৰ সৈতে খেলি থাকোতেই হঠাৎ ঢলি পৰি মৃত্যু ১৪ বছৰীয়া কিশোৰীৰ ধুবুৰীত বাইক চোৰৰ বৃহৎ চক্ৰ উৎখাত; দুই অভিযুক্তক গ্ৰেপ্তাৰ, বৃহৎ পৰিমাণৰ সামগ্ৰীসহ নগদ ধন জব্দ