জন্মদিনৰ এদিন পূৰ্বেই চিৰদিনৰ বাবে মেলানি মাগিলে অনিশাই। অপূৰ্ণ হৈ ৰ’ল আৰক্ষীৰ খাকী পোছাকযোৰ পিন্ধাৰ হেঁপাহটোও। জন্মদিনৰ আনন্দৰ প্ৰস্তুতি চলি থকাৰ সময়তে এক ভয়ংকৰ পথ দুৰ্ঘটনাই মৃত্যু নমাই আনে মেধাৱী ছাত্ৰীগৰাকীলৈ।

দেৰগাঁৱৰ সমীপৱৰ্তী ৰঙামাটিত সংঘটিত এক শোকাবহ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱায় অনিশা কুমাৰী প্ৰজাপতি নামৰ মেধাৱী ছাত্ৰীগৰাকীয়ে। ডিকেডি কলেজৰ ইতিহাস বিভাগত অধ্যয়ন কৰি থকা ছাত্ৰীগৰাকীয়ে আৰক্ষী আৰু সেনা বাহিনীত ভৰ্তি হোৱাৰ সপোন পুহি ৰাখিছিল। সেই লক্ষ্যৰেই নিয়মীয়াকৈ চলাই গৈছিল শাৰীৰিক অনুশীলন।

জানিব পৰা মতে, প্ৰতিদিনৰ দৰেই দেওবাৰে সন্ধিয়াও পথৰ কাষেৰে দৌৰাৰ অনুশীলন চলাই আছিল অনিশা আৰু বান্ধৱী মুনু ৰৱিদাসে। এনে সময়তে AS-01BP-7134 নম্বৰৰ এখন তীব্ৰবেগী মাৰুতি চিয়াজ বাহনে মহতিয়াই লৈ যায় দুয়োগৰাকী যুৱতীক।

সংঘৰ্ষৰ ফলত থিতাতে মৃত্যুক সাৱটি লয় অনিশাই। আনহাতে গুৰুতৰভাৱে আহত মুনু ৰৱিদাসক ততাতৈয়াকৈ উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰা হয়। পৰৱৰ্তী সময়ত যুৱতীগৰাকীক উন্নত চিকিৎসাৰ বাবে সংকটজনক অৱস্থাত যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয়।

উল্লেখ্য যে, আহত মুনু ৰৱিদাসৰ ঘৰ ৰঙাগড়া চাহবাগিচাত। ইফালে, এগৰাকী সম্ভাৱনাময় ছাত্ৰীৰ এনে আকস্মিক বিয়োগত এতিয়া সমগ্ৰ অঞ্চলটোতে গভীৰ শোকৰ ছাঁ পৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *