যোৱা দেওবাৰে অমৃতপালৰ ৮৪ বছৰীয়া আইতাক চৰণ কৌৰৰ বিয়োগ ঘটাত অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণৰ বাবে আদালতে তেওঁক এই সাময়িক সকাহ প্ৰদান কৰে। সেই অনুসৰি শনিবাৰে অৰ্থাৎ ১৪ নৱেম্বৰত পঞ্জাব আৰক্ষীৰ এটা দলে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত ডিব্ৰুগড়ৰ পৰা পঞ্জাবলৈ লৈ যাব বন্দী সাংসদগৰাকীক। শুক্রবাৰে ডিব্ৰুগড়ত সংবাদ মাধ্যমৰ আগত এই তথ্য সদৰী কৰে অমৃতপাল সিঙৰ অধিবক্তা যশবীৰ কৌৰে। আদালতে সাময়িক মুক্তিৰ অনুমতি প্ৰদান কৰাৰ পিছত শুকুৰবাৰে আনুষ্ঠানিক নিৰ্দেশনা জাৰি হোৱাৰ লগতে যাত্ৰাৰ বাবে প্ৰয়োজনীয় সকলো প্ৰশাসনিক প্রক্রিয়া সম্পূৰ্ণ হোৱা বুলি অধিবক্তাগৰাকীয়ে জানিবলৈ দিয়ে। অন্ত্যেষ্টিক্ৰিয়া আৰু পৰৱৰ্তী সকলো মাংগলিক কাজ শেষ নোহোৱা পৰ্যন্ত অমৃতপালক মুকলি কৰি দিবলৈ পৰিয়ালৰ লোকে আদালতত আবেদন জনাইছিল। কিন্তু অমৃতসৰ জিলা আৰু সত্ৰ আদালতে ১৪ নৱেম্বৰৰ দিনটোৰ বাবে কেৱল ২৪ ঘণ্টীয়া পেৰ’লতহে অনুমোদন জনায়। অমৃতপাল সিঙৰ উপস্থিতিৰ বাবে আদালতৰ অনুমতিৰ অপেক্ষাত পৰিয়ালৰ লোকে আইতাকৰ শেষকৃত্য স্থগিত ৰাখিছিল। মানৱীয় আৰু ধৰ্মীয় দায়বদ্ধতাৰ কথা উল্লেখ কৰি সিঙৰ অধিবক্তাই আদালতত এই সাময়িক মুক্তিৰ আবেদন জনায়। ইপিনে যোৱা ৮ নৱেম্বৰত চৰণ কৌৰৰ মৃত্যুৰ পূৰ্বে আদালতে অনুমতি দিয়া সত্ত্বেও কাৰিকৰী অজুহাতত অসুস্থ আইতাকৰ সৈতে অমৃতপালক ভিডিঅ’ কলযোগে কথা পাতিবলৈ নিদিয়াক লৈও ক্ষোভ প্রকাশ কৰিছিল পৰিয়ালটোৱে। ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত অমৃতসৰৰ অজনলা আৰক্ষী থানাত সংঘটিত আক্ৰমণৰ ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱাৰ পিছৰে পৰা ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ আছে অমৃতপাল সিং। ২০২৩ চনৰ ২৩ এপ্ৰিলত গ্ৰেপ্তাৰ হোৱা সিঙক প্ৰথমে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ (এনএছএ) অধীনত আটক কৰা হৈছিল। চলিত বৰ্ষৰ এপ্ৰিল মাহত এনএছএৰ অধীনত সিঙৰ তিনি বছৰীয়া আটকৰ ম্যাদ উকলি যোৱাৰ লগে লগে পঞ্জাব আৰক্ষীয়ে অজনলা আৰক্ষী থানাৰ গোচৰত তেওঁক পুনৰ নিজৰ জিম্মাত লয়। দুদিনীয়া জেৰাৰ অন্তত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা সিঙক পঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে অনুমোদন জনোৱা বিশেষ ব্যৱস্থাৰ অধীনত ডিব্ৰুগড় কাৰাগাৰতে ৰখা হয় আৰু তাৰ পৰাই তেওঁ ভাৰ্চুৱেল মাধ্যমযোগে আদালতৰ শুনানিত অংশগ্ৰহণ কৰি আহিছে। উল্লেখ্য যে ২০২৩ চনৰ ২৪ ফেব্ৰুৱাৰীত এজন সতীৰ্থক মুকলি কৰি নিবলৈ অমৃতপাল সিং আৰু তেওঁৰ সমৰ্থকসকলে আৰক্ষীৰ বেৰিকেড ভাঙি অজনলা আৰক্ষী থানাত আক্ৰমণ চলোৱাৰ অভিযোগ উঠিছিল। এই হিংসাত্মক ঘটনা সন্দৰ্ভত আৰক্ষীয়ে হত্যাৰ চেষ্টা, সংঘৰ্ষ, অপৰাধমূলক ষড়যন্ত্ৰকে ধৰি বিভিন্ন ধাৰাত ৪১ জন লোকৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছে। ইয়াৰ পূৰ্বে অমৃতপালৰ লগতে ডিব্ৰুগড় কাৰাগাৰত বন্দী হৈ থকা তেওঁৰ নজন সতীৰ্থ ক্ৰমে পাপলপ্ৰীত সিং, দলজিৎ সিং কালছি, কুলৱন্ত সিং, ভৰিন্দৰ জোহল, গুৰমীত সিং ভূখনৱালা, খুড়াক হৰজিৎ সিং, বসন্ত সিং, গুৰিন্দৰ সিং আউজলা আৰু ভগৱন্ত সিঙক এনএছএৰ ম্যাদ উকলি যোৱাত ২০২৫ চনতে পঞ্জাবলৈ স্থানান্তৰ কৰা হৈছিল। এই ক্ষেত্ৰত মন কৰিবলগীয়া যে কাৰাবন্দী অৱস্থাতে অমৃতপাল সিঙে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত নির্দলীয় প্ৰাৰ্থী হিচাপে খাদুৰ চাহিব সমষ্টিৰ পৰা জয়লাভ কৰি সেই বৰ্ষৰ ৫ জুলাইত সাংসদ হিচাপে শপত গ্ৰহণ কৰিছিল। Share this:FacebookX Related Post navigation এমাহৰ পিছত বেংগালুৰুৰ পৰা উদ্ধাৰ আগৰতলাৰ নিৰুদ্দেশ কিশোৰী