ৰাজ্যপালৰ অনুমোদন লাভ কৰাৰ পিছতে অসম চৰকাৰৰ নতুন মন্ত্ৰীসভাৰ সদস্যসকলৰ মাজত দপ্তৰসমূহ আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। এক চৰকাৰী নিৰ্দেশনা তথা সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীয়ে এই গুৰুত্বপূৰ্ণ বিভাগসমূহ আবণ্টনৰ কথা সদৰী কৰে। নতুন তালিকা অনুসৰি, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নিজৰ হাতত গৃহ, ৰাজনৈতিক, শক্তি, তথ্য আৰু জনসংযোগ দপ্তৰৰ লগতে লোকনিৰ্মাণ বিভাগৰ পথ আৰু গৃহ দুয়োটা গুৰুত্বপূৰ্ণ দায়িত্ব ৰাখিছে।

আনহাতে এইবাৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাক বিত্ত বিভাগৰ দৰে আটাইতকৈ গুৰুত্বপূৰ্ণ দায়িত্ব প্ৰদান কৰা হৈছে। ইয়াৰ লগতে তেওঁ বন আৰু পৰিৱেশ তথা খনি আৰু খনিজ পদাৰ্থ বিভাগো লাভ কৰে। আনহাতে, জ্যেষ্ঠ মন্ত্ৰী পীয়ূষ হাজৰিকালৈ কৃষি, জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা বিভাগ আগবঢ়োৱা হৈছে। ডাঃ ৰণোজ পেগুক বিদ্যালয় শিক্ষা, উচ্চ শিক্ষা, ভৈয়াম জনজাতি কল্যাণ আৰু তথ্য প্ৰযুক্তি বিভাগৰ দায়িত্ব অৰ্পণ কৰা হৈছে। মন্ত্ৰী অশোক সিংঘলে লাভ কৰিছে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ তথা চিকিৎসা শিক্ষা আৰু গৱেষণা দপ্তৰ।

নতুন মন্ত্ৰীসভাৰ আন সদস্যসকলৰ ভিতৰত কেশৱ মহন্তক ৰাজহ আৰু দুৰ্যোগ প্ৰশমন, সাধাৰণ প্ৰশাসন তথা বিজ্ঞান, প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ দায়িত্ব দিয়া হৈছে। বিশ্বজিৎ দৈমাৰীক হস্ততাঁত আৰু বস্ত্ৰশিল্প, ক্ৰীড়া আৰু যুৱ কল্যাণ, দক্ষতা বিকাশ তথা থলুৱা আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগৰ দায়িত্ব অৰ্পণ কৰা হৈছে। মন্ত্ৰী বিমল বৰাই সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ আৰু বাণিজ্য তথা এক্ট ইষ্ট পলিচী বিভাগ লাভ কৰে। সুশান্ত বৰগোহাঁইক জলসম্পদ আৰু ন্যায়িক বিভাগৰ গুৰু দায়িত্ব অৰ্পণ কৰা হৈছে।

তদুপৰি, মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰে সামাজিক ন্যায় আৰু সবলীকৰণ, ভূমি সংৰক্ষণ আৰু সংখ্যালঘু উন্নয়ন বিভাগ লাভ কৰে। কৌশিক ৰায়ক খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা, গৃহ নিৰ্মাণ আৰু চহৰ পৰিক্ৰমা তথা সমবায় বিভাগ প্ৰদান কৰা হৈছে। কৃষ্ণেন্দু পালক জনস্বাস্থ্য কাৰিকৰী, পাৰ্বত্য এলেকা আৰু বৰাক উপত্যকা উন্নয়ন বিভাগৰ দায়িত্ব দিয়া হৈছে। মন্ত্ৰীসভাৰ একমাত্ৰ মহিলা সদস্য নীলিমা দেৱীক পশুপালন আৰু পশু চিকিৎসা তথা মীন বিভাগৰ দায়িত্ব অৰ্পণ কৰা হৈছে। সকলো সতীৰ্থ মন্ত্ৰীক শুভেচ্ছা জনাই সমিলমিলেৰে ৰাজ্যখনৰ প্ৰগতিৰ যাত্ৰা ত্বৰান্বিত কৰিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীজনে।

Leave a Reply

Your email address will not be published. Required fields are marked *