আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিলে ভাৰতীয় ক্ৰিকেটাৰ আজিংক্য ৰাহানেই। বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত ভাৰতক ঐতিহাসিক জয় উপহাৰ দিয়া অধিনায়কগৰাকীয়ে বৃহস্পতিবাৰে সামাজিক মাধ্যমযোগে এই সিদ্ধান্ত ঘোষণা কৰি কয় যে, আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় জনোৱাৰ বাবে এয়াই উপযুক্ত সময়। আজিংক্য ৰাহানেই কয়, “জীৱনৰ প্ৰতিটো যাত্ৰাৰ দৰে ইয়াৰো এটা আৰম্ভণি আৰু এটা অন্ত থাকে। সময় আহিলে সেই সিদ্ধান্তক সন্মান জনাবই লাগে। বেটিং কৰাৰ সময়তো মই সদায় সময়ৰ গুৰুত্ব বুজিছোঁ। আজিও অনুভৱ কৰিছোঁ যে, আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ সকলো সংস্কৰণৰ পৰা বিদায় লোৱাৰ বাবে এয়াই মোৰ বাবে সঠিক সময়।” তেওঁ লগতে কয়, “ডম্বিভলীৰ পৰা আৰম্ভ হোৱা মোৰ সপোন আছিল ভাৰতৰ হৈ খেলাৰ। ভাৰতৰ টুপী পিন্ধাটো মোৰ জীৱনৰ সৰ্ববৃহৎ লক্ষ্য আছিল। ব্যক্তিগত সফলতাতকৈ দেশৰ স্বাৰ্থকেই সদায় অগ্ৰাধিকাৰ দিছোঁ। সঠিক উদ্দেশ্য লৈ খেলিলে ক্ৰিকেটে আপোনাক কেতিয়াও নিৰাশ নকৰে।” ৮৫খন টেষ্ট, ৯০খন এদিনীয়া আৰু ২০খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত ভাৰতক প্ৰতিনিধিত্ব কৰা ৰাহানেই ইণ্ডিয়ান প্ৰিমিয়াৰ লীগতো ২১২খন মেচ খেলি ছটা ফ্ৰেঞ্চাইজীৰ হৈ অংশগ্ৰহণ কৰিছিল। বিশেষকৈ ২০২০-২১ চনৰ অষ্ট্ৰেলিয়া ভ্ৰমণত তেওঁৰ নেতৃত্বত ভাৰতৰ ঐতিহাসিক বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী জয় ভাৰতীয় ক্ৰিকেটৰ অন্যতম স্মৰণীয় অধ্যায় হিচাপে বিবেচিত হয়। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ অধ্যায় সামৰিলেও খেলখনৰ সৈতে সম্পৰ্ক অব্যাহত থাকিব বুলিও স্পষ্ট কৰে অভিজ্ঞ বেটাৰগৰাকীয়ে। তেওঁৰ ভাষ্য অনুসৰি, নতুন প্ৰজন্মৰ ক্ৰিকেটাৰসকলক পথ প্ৰদৰ্শন কৰা, নিজৰ অভিজ্ঞতা ভাগ-বতৰা কৰা আৰু ক্ৰিকেটে শিকোৱা মূল্যবোধ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত তেওঁ আগন্তুক দিনত কাম কৰি যাব। দীৰ্ঘ ক্ৰিকেট জীৱনত সহায়-সহযোগিতা আগবঢ়োৱা ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড, মুম্বাই ক্ৰিকেট সংস্থা, সতীৰ্থ খেলুৱৈ, প্ৰশিক্ষক, আইপিএল ফ্ৰেঞ্চাইজী, পত্নী ৰাধিকাৰ লগতে পৰিয়াল, বন্ধু আৰু সমৰ্থকসকললৈও কৃতজ্ঞতা জ্ঞাপন কৰে ৰাহানেই। Share this:FacebookX Related Post navigation BIS-এ গুৱাহাটীৰ এটা অলংকাৰৰ দোকানত ভুৱা হলমাৰ্ক থকা গহনা বিক্ৰী কৰাৰ অভিযোগত অভিযান