মণিপুৰৰ ৰাজ্যপাল অজয় কুমাৰ ভল্লাই সোমবাৰে কহিমাৰ ৰাজভৱনত অনুষ্ঠিত এক অনুষ্ঠানত নাগালেণ্ডৰ ২২ সংখ্যক ৰাজ্যপাল হিচাপে শপত গ্ৰহণ কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰে ভল্লাক শপত বাক্য পাঠ কৰোৱায়। শপত গ্ৰহণ অনুষ্ঠানত নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’, উপ-মুখ্যমন্ত্ৰী টি আৰ জেলিয়াং আৰু ৱাই পেটনৰ লগতে কেইবাগৰাকীও ৰাজ্যিক মন্ত্ৰী, বিধায়ক, জ্যেষ্ঠ আমোলাকে ধৰি অন্যান্য বিশিষ্ট ব্যক্তি উপস্থিত থাকে। শপত গ্ৰহণ কৰাৰ পিছত ভল্লাই ৰাজভৱনত ৰিঅ’ৰ নেতৃত্বত ৰাজ্যিক কেবিনেটৰ সৈতে প্ৰথমবাৰৰ বাবে মত বিনিময় কৰে। শপতগ্ৰহণৰ অংশ হিচাপে তেওঁ আনুষ্ঠানিক ‘গাৰ্ড অৱ অনাৰ’ও পৰিদৰ্শন কৰে। Share this:FacebookX Related Post navigation বীনা ইংতিপিৰ মৃত্যুৰ পিছতে ৰাজ্যজুৰি প্ৰতিবাদ, পথ অৱৰোধ পুনৰ শক্তি বৃদ্ধি হোৱাৰ দিশে ভাৰতীয় নৌসেনাৰ