এআই+এ ১৪ এপ্ৰিলৰ পৰা ফ্লিপকাৰ্ট-ত নোভা ২ স্মাৰ্টফোন উপলব্ধ হোৱাৰ কথা ঘোষণা কৰিছে। এআই+  স্মাৰ্টফোনে ঘোষণা কৰিছে যে নিজৰ শেহতীয়া ডিভাইচ ‘নোভা২’, যি নতুনকৈ মুকলি কৰা নোভা শৃংখলাৰ অন্তৰ্গত, ১৪ এপ্ৰিলৰ দুপৰীয়া ১২ বজাৰ পৰা উপলব্ধ হৈছে। এই স্মাৰ্টফোনটো কেৱল ফ্লিপকাৰ্ট আৰু নিৰ্বাচিত ৰিটেইল আউটলেটতহে পোৱা যাব। এআই+ৰ নোভা২ৰ ৪জিবি+৬৪জিবি ভেৰিয়েন্টৰ মূল্য ৮,৯৯৯ টকা আৰু ৬জিবি+১২৮জিবি মডেলৰ মূল্য ১০,৯৯৯ টকা ধাৰ্য কৰা হৈছে। ইয়াৰ জৰিয়তে কম খৰচত উন্নত সুবিধা বিচৰা ব্যৱহাৰকাৰীসকলক লক্ষ্য কৰি লোৱা হৈছে।

এই বিষয়ে সদৰি কৰি এআই+ স্মাৰ্টফোনৰৰ মুখ্য কাৰ্যবাহী বিষয়া তথা নেক্সটকোৱান্টাম শ্বিফ্ট টেকনলজী-ৰ প্ৰতিষ্ঠাপক মাধৱ শেঠে কয় যে, “নোভা শৃংখলাটোৱে এআই+ এ প্ৰতিনিধিত্ব কৰা সহজলভ্য, নিৰ্ভৰযোগ্য আৰু প্ৰকৃত দৈনন্দিন ব্যৱহাৰৰ বাবে নিৰ্মিত প্ৰযুক্তিৰ এক শক্তিশালী নিদৰ্শন। নোভা২ৰ জৰিয়তে আমি নিশ্চিত কৰিব বিচাৰিছিলো যে যিসকল ব্যৱহাৰকাৰীয়ে প্ৰথমবাৰৰ বাবে ফোন আপগ্ৰেড কৰিছে, তেওঁলোকে যাতে কোনো আপোচ নকৰাকৈ সকলো প্ৰয়োজনীয় সুবিধা লাভ কৰে।” ষ্ট্ৰীমিং, ব্ৰাউজিং, গেমিং আৰু মাল্টিটাস্কিং আদিকে ধৰি গোটেই দিনটোৰ ব্যৱহাৰৰ বাবে ফোনটোত এটা ৬০০০এমএএইচ বেটাৰী দিয়া হৈছে। ই এন্দ্ৰইড১৬-ৰ সৈতে নেক্সটকোৱাণ্টাম অ’এছ-ত চলে, যিয়ে ব্যৱহাৰকাৰীক এক মসৃণ অভিজ্ঞতা প্ৰদান কৰে।

এই ডিভাইচটোত ১২০ হাৰ্জ এডাপ্টিভ ৰিফ্ৰেছ ৰেট আৰু এইচবিএম সমৰ্থনৰ সৈতে ৬.৭৪৫ ইঞ্চিৰ এইচডি+ ডিছপ্লে আছে। লগতে ইয়াত ৫০এমপি ৰিয়াৰ কেমেৰা আৰু ৮এমপি ফ্ৰণ্ট কেমেৰা আছে। অতিৰিক্ত সুবিধাসমূহৰ ভিতৰত আছে আইপি৬৪ ৰেজিষ্টেন্স, এটা চাইড-মাউণ্টেড ফিংগাৰপ্ৰিণ্ট চেন্সৰ আৰু বেঙুনীয়া, সেউজীয়া, গুলপীয়া, নীলা আৰু ক’লা—এই পাঁচটা ৰঙত উপলব্ধ।

Leave a Reply

Your email address will not be published. Required fields are marked *