ডুবাইৰ বিলাসী সম্পত্তিৰ বিশেষজ্ঞ অগ্রণী ৰিয়েল এষ্টেট কনচালটেন্সী প্রতিষ্ঠান ডুবাইপ্ৰশ্বপে (Dubai PropShop) গুৱাহাটীত কার্যালয় মুকলিৰ জৰিয়তে উত্তৰ-পূব ভাৰতত নিজা পৰিচয় দাঙি ধৰিবলৈ সাজু হৈছে। আজি উত্তৰ পূবৰ দুৱাৰমুখ গুৱাহাটীত তেঁওলোকৰ প্ৰথমটো কাৰ্যালয় মুকলি কৰে। এই অনুষ্ঠানতে ডুবাইৰ ACUBE ডেভেলপমেন্টছৰ অন্যতম অভিলাষী আগন্তুক প্রকল্প বিশ্বৰ সৰ্বোচ্চ আৱাসিক টাৱাৰৰ প্ৰি-লঞ্চিং কৰা হয়। মুকলিৰ পূৰ্বে ভাষণ প্ৰদান কৰি ACUBE ডেভেলপমেন্টছৰ হৈ ছানা নবীয়ে কয় যে আমি গুৱাহাটীলৈ সম্প্ৰসাৰণ কৰি ডুবাইৰ ৰিয়েল এষ্টেটৰ সুযোগ উত্তৰ-পূব ভাৰতলৈ, বিশেষকৈ অসমলৈ আনিবলৈ পাই অতিকৈ উৎসাহিত হৈছো। আগন্তুক প্রকল্পটো ডুবাইৰ অন্যতম বিলাসী প্রকল্প আৰু এই প্রি-লঞ্চ অনুষ্ঠানটিয়ে বিনিয়োগকাৰীসকলক আগতীয়াকৈ যোগাযোগ কৰাৰ এক সুবর্ণ সুযোগ প্রদান কৰিব। আমি বর্তমান এই ঐতিহাসিক আৱাসিক টাৱাৰটোৰ বাবে এক্সপ্রেচন অৱ ইন্টাৰেষ্ট (ই আ’ আই) ব্যৱস্থা কৰিছো, যি অতি সোনকালে সকলোৱে লাভ কৰিব। অনুষ্ঠানটিরে গুৱাহাটীৰ প্ৰগতিকো বিশ্বৰ ৰিয়েল এষ্টেট বজাৰৰ প্ৰৱেশদ্বাৰ হিচাপে আত্মপ্রকাশ কৰাৰ ওপৰত আলোকপাত কৰি আন্তঃৰাষ্ট্ৰীয় উল্লেখযোগ্য প্রকল্পসমূহত আগতীয়া প্ৰৱেশৰ সুবিধা প্রদান কৰে। তেওঁ কয় যে এই আৱাসিক টাৱাৰত বুকিং আৰম্ভ হ’ব ১.৫ কোটি টকাৰ পৰা। উত্তৰ পূবৰ জনতাই ডুবাইৰ এই টাৱাৰত বিনিয়োগ কৰিব পাৰিব। সকলোৰে বাবে দুৱাৰ মুকলি থাকিব। বিনিয়োগ কৰাটো সহজসাধ্য। Share this:FacebookX Related Post navigation কোন হ’ব দালাই লামাৰ উত্তৰাধিকাৰী ? কেঁচুৱা আৰু শিশুৰ বাবে প্ৰস্তুত কৰা প্ৰথমটো মেলেৰিয়া ভেকচিন ব্যৱহাৰত অনুমোদন