বিজেপিৰ উত্থানৰ সম্পূৰ্ণ কৃতিত্ব তৃণমূল পৰ্যায়ৰ কৰ্মীসকলক দি শনিবাৰে অসমৰ দলীয় কাৰ্যকৰ্তাসকলৰ মাজত এক নতুন উছাহৰ সঞ্চাৰ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ৰাজ্যখনৰ বিজেপি কৰ্মীসকলক সম্বোধন কৰি তেওঁ কয় যে সংগঠনৰ শক্তিয়েই হৈছে ৰাষ্ট্ৰীয় পৰিৱৰ্তনৰ মূল আধাৰ। বিজেপি আজি যি পৰ্যায়ত উপনীত হৈছে, তাৰ বাবে কেৱল দলীয় কৰ্মীসকলহে প্ৰশংসাৰ পাত্ৰ বুলি উল্লেখ কৰি তেওঁ কৰ্মীসকলক সংগঠনৰ ‘প্ৰাণবায়ু’ আৰু ‘অক্সিজেন’ হিচাপে অভিহিত কৰে। নিজকে এগৰাকী সাধাৰণ কাৰ্যকৰ্তা বুলি পৰিচয় দি প্ৰধানমন্ত্ৰীগৰাকীয়ে সমগ্ৰ অসমৰ কৰ্মী আৰু সমৰ্থকসকলৰ ওচৰত কৃতজ্ঞতাৰে মূৰ দোৱায়। প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত মা কামাখ্যাৰ আশীৰ্বাদ লৈ কয় যে আধ্যাত্মিক আৰু সাংস্কৃতিক শক্তিয়ে অসম তথা দেশক সদায় শক্তিশালী কৰি আহিছে। সমাজসেৱী কবীৰেন্দ্ৰ পুৰকায়স্থৰ সেৱাক স্মৰণ কৰি তেওঁ উল্লেখ কৰে যে ২০১৪ চনৰ পৰা এতিয়ালৈকে উত্তৰ-পূবৰ ১২৫ গৰাকীতকৈও অধিক বিশিষ্ট ব্যক্তিক পদ্ম বঁটাৰে সন্মানিত কৰা হৈছে। এই তথ্যই পূৰ্বৰ তুলনাত অঞ্চলটোৰ বৰ্ধিত ৰাষ্ট্ৰীয় গুৰুত্বক প্ৰমাণ কৰে বুলি তেওঁ দাবী কৰে। অৰ্থনৈতিক দিশত কংগ্ৰেছ শাসনৰ সৈতে বৰ্তমানৰ চৰকাৰৰ এক তুলনামূলক চিত্ৰ দাঙি ধৰি মোদীয়ে অভিযোগ কৰে যে পূৰ্বৰ চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলক সম্পূৰ্ণ অৱহেলা কৰিছিল। তেওঁৰ মতে, কেন্দ্ৰীয় বাজেটৰ পৰা এইবাৰ অসমে কৰৰ অংশ হিচাপে প্ৰায় ৫০,০০০ কোটি টকা লাভ কৰিব, যিটো কংগ্ৰেছৰ সময়ৰ ১০,০০০ কোটি টকাতকৈ পাঁচ গুণ বেছি। যোৱা ১১ বছৰত অসমে কেন্দ্ৰৰ পৰা বিভিন্ন উন্নয়নমূলক কামৰ বাবে ৫.৫ লাখ কোটিতকৈও অধিক টকা লাভ কৰিছে বুলি তেওঁ পৰিসংখ্যা দাঙি ধৰে। উত্তৰ-পূৰ্বাঞ্চলকে ‘অষ্টলক্ষ্মী’ হিচাপে অভিহিত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে শেহতীয়া বাজেটৰ লক্ষ্য হৈছে অঞ্চলটোক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰি তোলা। মৰাণৰ ঘাইপথত বায়ুসেনাৰ বিমান অৱতৰণ কৰা ঐতিহাসিক ক্ষণটোৰ কথা সোঁৱৰাই তেওঁ কয়, “আজি ইয়াত এনেকুৱা ঘাইপথ নিৰ্মাণ হৈছে য’ত কেৱল গাড়ীয়েই নহয়, বিমানেও অৱতৰণ কৰে।” ইয়াৰ লগতে ব্ৰহ্মপুত্ৰৰ বুকুত ক্ৰুজ পৰ্যটন আৰু নদী পৰ্যটনৰ সম্ভাৱনীয়তাৰ ওপৰতো তেওঁ বিশেষ গুৰুত্ব আৰোপ কৰে। নিৰ্বাচনী প্ৰসংগ টানি মোদীয়ে কয় যে বিজেপি চৰকাৰৰ দিনত দুখীয়াৰ বাবে নিৰ্মাণ হোৱা লাখ লাখ ঘৰ, শৌচালয় আৰু খোৱাপানীৰ আঁচনিসমূহৰ সফল ৰূপায়ণ কেৱল বুথ পৰ্যায়ৰ কৰ্মীৰ নিষ্ঠাৰ বাবেহে সম্ভৱ হৈছে। প্ৰতিটো নিৰ্বাচনী কেন্দ্ৰত সজাগ হৈ থাকিবলৈ কৰ্মীসকলক আহ্বান জনাই তেওঁ কয় যে বুথ পৰ্যায়ৰ বিজয়েই দলৰ সামগ্ৰিক নিৰ্বাচনী সফলতা নিশ্চিত কৰে। Share this:FacebookX Related Post navigation বন্ধ হৈ পৰিব হোৱাটছ এপ আজি ১৪ ফেব্ৰুৱাৰী