কৰ্তব্য পালন কৰোঁতেই প্ৰাণ গ’ল এগৰাকী চৰকাৰী চিকিৎসকৰ। প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ মেৰামতিৰ কাম পৰিদৰ্শন কৰি থকা সময়তে দেৱাল খহি পৰাত মৃত্যু হয় চিকিৎসকজনৰ। শনিবাৰে উত্তৰাখণ্ডৰ চামোলি জিলাত সংঘটিত হয় এই শোকাৱহ ঘটনা। নিহত চিকিৎসকজন হৈছে নাৰায়ণবাগাদ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ ভাৰপ্ৰাপ্ত চিকিৎসা বিষয়া ডাঃ নবীন ডিমৰি। ৪৫ বছৰীয়া চিকিৎসকজন চামোলি জিলাৰ গোপেশ্বৰ সমষ্টিৰ দেৱলধাৰ গাঁৱৰ বাসিন্দা। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, যোৱা ২৮ জুনত ভূমিস্খলন আৰু হঠাৎ হোৱা বানত স্বাস্থ্যকেন্দ্ৰটোৰ ক্ষতিগ্ৰস্ত অংশৰ মেৰামতি চলি আছিল। শনিবাৰে দুপৰীয়া সেই কাম পৰিদৰ্শন কৰি থকা সময়তে হঠাতে এটা দেৱাল খহি চিকিৎসকজনৰ ওপৰত পৰে। ফলত ধ্বংসাৱশেষৰ তলত আৱদ্ধ হৈ পৰে ডাঃ ডিমৰি। ঘটনাস্থলত উপস্থিত কৰ্মচাৰীসকলে তৎক্ষণাত উদ্ধাৰ অভিযান চলাই চিকিৎসকজনক ধ্বংসাৱশেষৰ তলৰ পৰা উলিয়াই স্বাস্থ্যকেন্দ্ৰলৈ নিয়ে। অৱস্থা সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে কৰ্ণপ্ৰয়াগ উপ-জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। কিন্তু চিকিৎসালয়ত উপস্থিত হোৱাৰ পিছতে চিকিৎসকসকলে চিকিৎসকজনক মৃত ঘোষণা কৰে। চৰকাৰী সূত্ৰই জনোৱা মতে, শনিবাৰে পুৱা বহিঃবিভাগত ৰোগী পৰীক্ষা কৰাৰ দায়িত্ব পালন কৰাৰ পিছতেই মেৰামতিৰ কাম পৰিদৰ্শন কৰিবলৈ ওলাই গৈছিল ডাঃ ডিমৰি। সেই সময়তেই এই দুৰ্ঘটনাটো সংঘটিত হয়। Share this:FacebookX Related Post navigation বহু প্ৰত্যাশিত ডুৰাণ্ড কাপৰ বাবে সাজু উত্তৰ-পূব; মেঘালয়ত প্ৰতিযোগিতাৰ তিনিটা ট্ৰফীক আদৰণি কাছাৰত ড্ৰাগছ বিৰোধী অভিযানৰ বৃহৎ সফলতা; জব্দ ৩ হাজাৰ য়াবা টেবলেট, গ্ৰেপ্তাৰ সৰবৰাহকাৰী