অসমত ধৰা পৰা বাংলাদেশী নাগৰিকক সেই দেশলৈ খেদি পঠিয়াই দিয়াক কেন্দ্ৰ কৰি ভাৰতৰ সীমান্ত নিৰাপত্তা বাহিনী (বি এছ এফ ) আৰু বাংলাদেশৰ বৰ্ডাৰ গাৰ্ড বাংলাদেশ ( বি জি বি ) ৰ মাজত সংঘাতৰ সৃষ্টি হৈ অহাৰ মাজতে কালি নিশা ৭.৪৫ বজাত বেংগালুৰুৰ পৰা এয়াৰ ইণ্ডিয়াৰ বিমানযোগে গুৱাহাটীলৈ প্ৰেমিকক লগ ধৰিবলৈ অহা অৱস্থাত বাংলাদেশৰ এজনী যুৱতী বৰঝাৰ বিমানবন্দৰত ধৰা পৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে আন যাত্ৰীৰ দৰে অহা সেই যুৱতী গৰাকী বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত নমাৰ পাছত নিজৰ বেগ লোৱাৰ সময়ত বিমানবন্দৰত থকা অসম আৰক্ষীৰ চোৰাংচোৱা বাহিনীৰ যুৱতীগৰাকীৰ ওপৰত সন্দেহ হোৱাত জেৰা কৰে। জেৰাত যুৱতীজনীয়ে নিজকে বাংলাদেশী বুলি স্বীকাৰ কৰাৰ পাছত নিশা দহমান বজাত আজাৰা আৰক্ষী থানাৰ সীমান্ত শাখাত গতাই দিয়া হয়। আৰক্ষীৰ এক সূত্ৰই সদৰি কৰা অনুসৰি যুৱতী গৰাকীক আগতীয়া বন্দবস্ত অনুসৰি ত্ৰিপুৰাত থকা ভাৰতীয় দালালে আগৰতলাৰে ভাৰতত প্ৰবেশ কৰাই দিয়ে। তাৰ পাছত সেই দালালৰ সহায়ত যুৱতীগৰাকী আগৰতলাৰ পৰা ৰেলেৰে গুৱাহাটী হৈ বেংগালুৰুলৈ যায়। আনকি ভাৰতত প্ৰবেশ কৰাৰ পূৰ্বেই সেই দালালে পশ্চিমবংগৰ পশ্চিম দয়াগঞ্জ জিলাৰ ঠিকনাত পূজা দাস নামেৰে হিন্দু বুলি ভুৱা আধাৰ কাৰ্ড প্ৰস্তুত কৰাই দিছিল। নিশা আজাৰা আৰক্ষী থানাৰ কিছু নিলগত থকা বি এছ এফৰ গুৱাহাটী ফ্ৰন্টিয়াৰ মুখ্য কাৰ্যালয়ৰ বিষয়াই আহি যুবতগৰাকীক জেৰা কৰি নিশ্চিত কৰে যে ২৪ বছৰীয়া যুৱতীগৰাকীৰ প্ৰকৃত ঘৰ বাংলাদেশৰ ৰাজধানী ঢাকাৰ নাৰায়ণগঞ্জত। জানিব পৰা মতে আজি দিনৰ ভাগত ভাগত যুৱতীগৰাকীক গোৱালপাৰা জিলাত থকা ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰা হৈছে। আৰক্ষীৰ জেৰাত যুৱতী গৰাকীয়ে গুৱাহাটীত কোনো হোটেলত থকা তাইৰ প্ৰেমিকক লগ ধৰিবলৈ আহিছিল বুলি স্বীকাৰ কৰিছে। Share this:FacebookX Related Post navigation গুৱাহাটীৰ চমকৰ নামত মচি পেলোৱা হ’ল প্ৰাণৰ শিল্পীৰ প্ৰতিচ্ছবি! ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া ৰঙিয়াত মালবাহী বাহন-বাইকৰ সংঘৰ্ষ; নিহত একেটা পৰিয়ালৰ ৩ জন