Month: February 2026

মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৃষক ৰাইজৰ ;ব্ৰহ্মপুত্ৰৰ মাজৰ কৃষি প্ৰধান ৰাণী চাপৰিত নিশাৰ ভাগত অব্যাহত আছে বনৰীয়া ম’হৰ উপদ্ৰৱ

পূৰ্বৰ পশ্চিম গুৱাহাটী তথা সমষ্টি পুনৰ গঠনৰ পাছত জালুকবাৰী বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হোৱা ৰাজ্যৰ অন্যতম জৈৱিক কৃষি প্ৰধান অঞ্চল হিচাপে পৰিচিত ব্ৰহ্মপুত্ৰৰ মাজত থকা ৰাণী চাপৰিত বনৰীয়া ম’হ ৰ মুক্ত…

বিশিষ্ট শ্ৰমিক নেতা খৰ্গেশ্বৰ দাসৰ মৃত্যু ; শঙ্কৰদেৱ নেত্ৰালয়ক দান কৰিলে চকুজুৰি

ৰাজ্যৰ এজন বিশিষ্ট শ্ৰমিক নেতা , ৰাজ্যিক পৰিবহণ কৰ্মচাৰী সন্থাৰ প্ৰাক্তন সম্পাদক আৰু অসম ৰাজ্যিক পৰিবহণ নিগমৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী খৰ্গেশ্বৰ দাসৰ দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়। মৃত্যুৰ সময়ত…

বিজেপি এতিয়া ‘কংগ্ৰেছ এলুমনি পাৰ্টি’; শাসকীয় দলক তীক্ষ্ণ কটাক্ষ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ

ৰাজ্যত অব্যাহত থকা দল-বদলৰ ৰাজনীতিৰ মাজতে শাসকীয় বিজেপি দলক এক নতুন নামেৰে অভিহিত কৰি বৃহস্পতিবাৰে তীব্ৰ সমালোচনা কৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। বৰ্তমানৰ মুখ্যমন্ত্ৰীকে ধৰি কংগ্ৰেছৰ অসংখ্য প্ৰাক্তন নেতাই গেৰুৱা…

ৰাহুল গান্ধীয়েও ‘অপমানিত’ অনুভৱ কৰিছে কংগ্ৰেছতঃ ভূপেন বৰাৰ বিস্ফোৰণ

কংগ্ৰেছ ত্যাগৰ পাছতেই দলটোৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই শেহতীয়াকৈ ৰাহুল গান্ধীৰ সৈতে হোৱা এক কথোপকথনৰ চাঞ্চল্যৰ তথ্য সদৰী কৰে। ১৬ ফেব্ৰুৱাৰীত দলৰ পৰা পদত্যাগ কৰা বৰাই সংবাদ মাধ্যমৰ আগত কয়…

আজি তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ গৃহমন্ত্ৰী অমিত শ্বাহ; বৰাকত বজাব নিৰ্বাচনী অভিযানৰ শংখনাদ

আগন্তুক বিধানসভা নিৰ্বাচনৰ ৰণকৌশল আৰু নিৰাপত্তা ব্যৱস্থাৰ বুজ ল’বলৈ তিনিদিনীয়া কাৰ্যসূচীৰে বৃহস্পতিবাৰে নিশা বৰাক উপত্যকাত উপস্থিত হ’ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। নিশা শিলচৰত উপস্থিত হৈ গৃহমন্ত্ৰীগৰাকীয়ে শুকুৰবাৰে ভাৰত-বাংলাদেশ সীমান্তৰ বি…

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৱাহাটীত ২০০ খন জেবিএম ইলেক্ট্ৰিক বাছৰ শুভ উদ্বোধন কৰি ত্বৰান্বিত কৰিলে ভাৰতৰ সেউজ গতিশীলতাৰ পৰিৱৰ্তন

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুৱাহাটীত ২০০ খন জেবিএম ইক’লাইফ ইলেক্ট্ৰিক বাছৰ শুভাৰম্ব কৰি দেশৰ স্বচ্ছ আৰু বহনক্ষম গতিশীলতাৰ দিশত এক উল্লেখযোগ্য মাইলৰ খুঁটি চিহ্নিত কৰিলে। পি এম ই-বাছ সেৱা…

জুবিন গাৰ্গক লৈ আপত্তিজনক মন্তব্য: কাৰাবন্দী শিখা শৰ্মাই লাভ কৰিলে জামিন

জুবিন গাৰ্গৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্যৰ বাবে আইনী মেৰপাকত পৰা শিখা শৰ্মাক আদালতে জামিন প্ৰদান কৰিছে। কামৰূপ জিলাৰ সত্ৰ ন্যায়াধীশৰ আদালতে বৃহস্পতিবাৰে তেওঁৰ জামিন আবেদন মঞ্জুৰ কৰাৰ পাছতে বেলিৰ পৰা মুক্তিৰ…

নিৰ্বাচনী তৎপৰতাৰ মাজতে প্ৰিয়ংকা গান্ধীৰ অসম আগমন; কামাখ্যাত পূজা-অৰ্চনাৰ পিছত প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়াত অংশগ্ৰহণ

আগন্তুক বিধানসভা নিৰ্বাচনৰ ৰণকৌশল আৰু প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়া অধিক ক্ষিপ্ৰ কৰি তুলিবলৈ দুদিনীয়া ভ্ৰমণসূচীৰে বৃহস্পতিবাৰে গুৱাহাটীত উপস্থিত হয় কংগ্ৰেছ স্ক্ৰীনিং কমিটিৰ অধ্যক্ষ তথা ৱায়ানাডৰ সাংসদ প্ৰিয়ংকা গান্ধী বাদ্ৰা। বৰঝাৰস্থিত লোকপ্ৰিয়…

মুখ্যমন্ত্ৰীয়ে ভূপেন বৰাক ‘শিখণ্ডী’ সজাব খোজে বুলি অভিযোগ; অজিত কুমাৰ ভূঞাৰ তীব্ৰ মন্তব্য

ভূপেন বৰাক ‘শিখণ্ডী’ সজাব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে। কংগ্ৰেছত অপমানিত হোৱাৰ অজুহাত দি বিজেপিত যোগ দিয়াটো কোনো গ্ৰহণযোগ্য যুক্তি নহয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক জালত ভৰি দি ভূপেন বৰাই নিজৰ সমস্ত…

ৰণডংকাৰ মাজতে কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা: ফেব্ৰুৱাৰীৰ শেষত প্ৰথমখন তালিকা সম্ভাৱ্য

আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে তৎপৰতা বৃদ্ধি কৰি এই মাহৰ শেষৰ ফালে প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্ৰকাশ পোৱাৰ সম্ভাৱনা প্ৰকট কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। বুধবাৰে এখন সংবাদমেল সম্বোধন কৰি গগৈয়ে…