প্ৰকৃতিপ্ৰেমী তথা বন্যপ্ৰাণীত সংৰক্ষণৰ ধাৰাবাহিক প্ৰচেষ্টালৈ এক উল্লেখনীয় সফলতা কঢ়িয়াই আনিছে ৰাজ্যখনৰ এক বিশেষ উদ্যোগে। ‘বামন গাহৰি সংৰক্ষণ কাৰ্যসূচী’ৰ অধীনত ১৫ টাকৈ বিৰল প্ৰজাতিৰ বামন গাহৰি এতিয়া মুকলি কৰি দিয়া হৈছে মানস ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰাকৃতিক পৰিৱেশত।

জিলাখনৰ জৈৱ-বৈচিত্ৰ্য ৰক্ষাৰ ক্ষেত্ৰত হাতত লোৱা এই পদক্ষেপক এক গুৰুত্বপূৰ্ণ সাফল্য হিচাপে অভিহিত কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। সামাজিক মাধ্যম এক্সত এক পোষ্ট শ্বেয়াৰ কৰি তেওঁ কয় যে এই পদক্ষেপে অসমৰ ঠুনুকা ঘাঁহনি পৰিস্থিতিতন্ত্ৰৰ পুনৰুদ্ধাৰ আৰু বিলুপ্তপ্ৰায় বামন গাহৰি সুৰক্ষাত এক নতুন মাইলৰ খুঁটি স্থাপন কৰিব।

বিশ্বৰ আটাইতকৈ সৰু আৰু বিৰল প্ৰজাতিৰ এই বনৰীয়া গাহৰি সুৰক্ষিত কৰাৰ বাবে চৰকাৰে লোৱা স্থায়িত্বমূলক ব্যৱস্থাক প্ৰশংসা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ উল্লেখ কৰা মতে, এই সংৰক্ষণ উদ্যোগে অসমৰ প্ৰাকৃতিক ভাৰসাম্য শক্তিশালী কৰাৰ প্ৰতি থকা দায়বদ্ধতাকে প্ৰতিফলিত কৰিছে।

উল্লেখ্য যে এসময়ত বিলুপ্তিৰ পথলৈ যাৱ ধৰা এই প্ৰজাতিটোক বৈজ্ঞানিক পদ্ধতিৰে বংশবৃদ্ধি কৰি পুনৰ নিজৰ প্ৰাকৃতিক বাসস্থানলৈ ঘূৰাই অনাৰ বাবে বিগত কেইবাবছৰো ধৰি ধাৰাবাহিক প্ৰচেষ্টা চলাই থকা হৈছে।

বিশেষকৈ মানস ৰাষ্ট্ৰীয় উদ্যান এতিয়া এই বিৰল প্ৰজাতিৰ জনসংখ্যা বৃদ্ধি আৰু ঘাঁহনি অঞ্চলসমূহৰ পুনৰুদ্ধাৰৰ বাবে এক অন্যতম প্ৰধান কেন্দ্ৰ হিচাপে পৰিগণিত হৈছে। সংৰক্ষণবিদসকলে বন্য জনসংখ্যা পুনৰ গঢ়ি তোলাৰ বাবে দিনে-নিশাই কাম কৰি থকাৰ সময়তে মুখ্যমন্ত্ৰীৰ এই সঁহাৰিয়ে অসমৰ বন্যপ্ৰাণীত ব্যৱস্থাপনা আৰু প্ৰাকৃতিক বাসস্থান সুৰক্ষাৰ সফলতাক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত পুনৰ প্ৰতিষ্ঠা কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *