খৰাং এতিয়া কেৱল বতৰ সম্পৰ্কীয় সাময়িক সমস্যা হৈ থকা নাই। ই মানুহৰ জীৱিকা আৰু অৰ্থনীতিত বৃহৎ আঘাত হনা সংকট গভীৰ হৈ পৰিছে। যোৱা ১২০ বছৰত সমগ্ৰ বিশ্বতে খৰাঙত ক্ষতিগ্ৰস্ত ভূমিৰ পৰিমাণ দুগুণলৈ বৃদ্ধি পাইছে। পৰিস্থিতি ইমানেই বেয়া হৈছে যে আগন্তুক বছৰবোৰত প্ৰতিটো খৰাং পৰিস্থিতি পূৰ্বতকৈ অধিক ব্যয়বহুল, মাৰাত্মক আৰু ধ্বংসাত্মক বুলি প্ৰমাণিত হ’ব। অৰ্থনৈতিক সহযোগিতা আৰু উন্নয়ন সংস্থাই এক নতুন প্ৰতিবেদনত সতৰ্ক কৰি দিছে যে আজিৰ গড় খৰাং পৰিস্থিতিৰ ফলত হোৱা অৰ্থনৈতিক ক্ষতি ২০০০ চনৰ তুলনাত ছয়গুণ বেছি, আৰু ২০৩৫ চনৰ ভিতৰত আৰু ৩৫ শতাংশ বৃদ্ধি পোৱাৰ আশা কৰা হৈছে। অৰ্থাৎ ২০৩৫ চনৰ ভিতৰত স্বাভাৱিক খৰাং পৰিস্থিতি আজিৰ তুলনাত বহু বেছি খৰচী হ’ব পাৰে। ‘গ্ল’বেল ড্ৰাইট আউটলুক’শীৰ্ষক এই প্ৰতিবেদন অনুসৰি জলবায়ু পৰিৱৰ্তনে খৰাং পৰিস্থিতিৰ তীব্ৰতা আৰু কম্পাঙ্ক দুয়োটাকে বৃদ্ধি কৰিছে। যোৱা দশকবোৰত বিশ্বৰ ৪০ শতাংশ অঞ্চলত অধিক সঘনাই আৰু অধিক ভয়াৱহ খৰাং পৰিস্থিতিৰ সন্মুখীন হৈছে। প্ৰতিবেদনত সকীয়াই দিয়া হৈছে যে যদিহে চৰকাৰসমূহে তাৎক্ষণিকভাৱে যৌথ ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে খৰাঙৰ ফলত হোৱা লোকচান বাঢ়িব।

জলবায়ু পৰিৱৰ্তনৰ ভূমিকাকো আওকাণ কৰিব নোৱাৰি, যিয়ে খৰাং প্ৰভাৱিত ভূমিৰ আয়তন বৃদ্ধি কৰাই নহয় ইয়াৰ প্ৰভাৱ অধিক ভয়াৱহ কৰি তুলিছে। বৰষুণৰ ধৰণ অস্থিৰ হৈ পৰিছে, উষ্ণতা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে, যাৰ ফলত মাটিৰ আৰ্দ্ৰতা দ্ৰুতগতিত কমি আহিছে আৰু মিঠা পানীৰ উৎসসমূহ অধিক চাপৰ সন্মুখীন হৈছে। আজি খৰাং কেৱল খেতিপথাৰতে সীমাবদ্ধ নহয়, ইয়াৰ ফলত ব্যৱসায়, উদ্যোগ আৰু শক্তি উৎপাদনতো বেয়াকৈ প্ৰভাৱ পৰিছে। অ’ইচিডিৰ বিশ্লেষণে দেখুৱাইছে যে খৰাঙে কেৱল অৰ্থনৈতিক অৱস্থাতে নহয়, পৰিৱেশ আৰু সমাজৰ ওপৰতো গভীৰ প্ৰভাৱ পেলায়। প্ৰতিবেদন অনুসৰি ১৯৮০ চনৰ পৰা বিশ্বৰ ৩৭% ভূমিত মাটিৰ আৰ্দ্ৰতা যথেষ্ট হ্ৰাস পোৱা দেখা গৈছে। তদুপৰি ২০০০ চনৰ পৰা বেছিভাগ ঠাইতে ভূগৰ্ভস্থ পানী হ্ৰাস পাইছে। তথ্য অনুসৰি ২০০০ চনৰ পৰা ৬২ শতাংশ ভূগৰ্ভস্থ পানীৰ মজুতত জলস্তৰ ক্ৰমাগতভাৱে হ্ৰাস পাই আহিছে, যিয়ে বিশ্বৰ ৭৫ শতাংশ পানী আহৰণত অৰিহণা যোগায়। খৰাঙে মানুহৰ জীৱনতো বিধ্বংসী ৰূপ ধাৰণ কৰিছে। ই বহু লোকৰ জীৱন কাঢ়ি লৈছে, বহু লোকক দৰিদ্ৰতালৈ ঠেলি দিছে।

মন কৰিবলগীয়া যে ২০২১ চনত আমেৰিকাৰ কেলিফৰ্ণিয়াত হোৱা খৰাং পৰিস্থিতিৰ বাবে কৃষিক্ষেত্ৰত এক বিলিয়ন ডলাৰতকৈ অধিক লোকচান হৈছিল। ২০২৪ চনত মধ্য আমেৰিকাত দীৰ্ঘদিন ধৰি বৰষুণৰ অভাৱৰ ফলত পানীৰ তীব্ৰ নাটনি হয় আৰু আনকি বিশ্বৰ গুৰুত্বপূৰ্ণ বাণিজ্যিক পথ যেনে পানামা লৈত জাহাজৰ চলাচল বন্ধ হৈ পৰে। তাত থকা নদী আৰু জলাশয়বোৰ এনেভাৱে শুকাই গ’ল যে বিদ্যুৎ উৎপাদন বন্ধ কৰিবলগীয়া হ’ল আৰু বহু দেশে কয়লা ভিত্তিক বিদ্যুৎ কেন্দ্ৰ পুনৰ আৰম্ভ কৰিবলৈ বাধ্য হ’ল। আটাইতকৈ বিধ্বংসী মানৱীয় প্ৰভাৱ আফ্ৰিকাত দেখা গৈছিল, য’ত ২০২৩ চনত হোৱা ভয়াৱহ খৰাঙে ২.৩ কোটি লোকক দাৰিদ্ৰতাৰ সীমালৈ ঠেলি দিছিল। খৰাং ক্ষতিগ্ৰস্ত অঞ্চলৰ বাহিৰেও ভাৰত, আমেৰিকা, ইউৰোপ, পূব ৰাছিয়া আৰু চীনত মাটিৰ আৰ্দ্ৰতা তীব্ৰভাৱে হ্ৰাস পোৱাৰ ভৱিষ্যদ্বাণী কৰা হৈছে। এই সন্দৰ্ভত অ’ইচিডিৰ মহাসচিব মাথিয়াছ কৰ্মানে কয় যে খৰাং পৰিস্থিতিৰ ক্ৰমাৎ বৃদ্ধি পোৱা ভাবুকিৰ সৈতে মোকাবিলা কৰিবলৈ চৰকাৰ, ৰাজ্য আৰু বিভাগসমূহে একেলগে কাম কৰিব লাগিব। ইয়াৰ ফলত খাদ্য সুৰক্ষা, স্বাস্থ্য, শক্তি, শান্তি আৰু উন্নয়নৰ দৰে ক্ষেত্ৰত ইয়াৰ প্ৰভাৱ হ্ৰাস পাব পাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *