এতিয়াও শান্ত হোৱা নাই যুদ্ধৰ দাবানল ৷ ইৰাণ-আমেৰিকাৰ যুদ্ধবিৰতিৰ পাছৰ শেহতীয়া খবৰ অনুসৰি, আমেৰিকা আৰু ইৰাণৰ মাজত পুনৰ আক্ৰমণ হৈছে ৷ খবৰ অনুসৰি ইৰাণে প্ৰথমে ছিংগাপুৰৰ পতাকা থকা এখন বাণিজ্যিক মালবাহী জাহাজ হৰমুজ জলদ্বীপত আক্ৰমণ কৰিছিল । ইয়াৰ ফলত আমেৰিকা ক্ষুব্ধ হৈ পৰে আৰু ইৰাণক ইয়াৰ প্ৰত্যুত্তৰ দিয়ে ৷
আমেৰিকাৰ চেণ্ট্ৰেল কমাণ্ডে (CENTCOM) জনোৱা মতে, ২৫ জুনত ইৰাণে এম/ভি এভাৰ লাভলীক (Ever Lovely) ড্ৰোণেৰে ওৱান ৱে আক্ৰমণ কৰিছিল ৷ তাৰ পাছত ইৰাণৰ ক্ষেপণাস্ত্ৰ আৰু ড্ৰোণ সংৰক্ষণ স্থানৰ লগতে উপকূলীয় ৰাডাৰ স্থানকো লক্ষ্য কৰি আক্ৰমণ চলাইছিল । শেহতীয়াকৈ ওমান উপকূলৰ সমীপৰ হৰমুজ জলদ্বীপৰ পৰা ওলাই আহি থকা অৱস্থাতে এখন জাহাজক ইৰাণে আক্ৰমণ কৰে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *