চাণ্ডীপুৰা ভাইৰাছ হৈছে এক ভাইৰেল সংক্ৰমণ, যি মূলতে মাখি(বালি মাখি)ৰ (Sandfly) কামোৰৰ পৰা বিয়পে। ই এক জুনোটিক ভাইৰাছ, অৰ্থাৎ জন্তু বা কীট-পতংগৰ জৰিয়তে মানুহলৈ সংক্ৰমিত হ’ব পৰা ভাইৰাছ। ই শিশুসকলৰ মাজত দ্ৰুতগতিত বিয়পে আৰু গুৰুতৰ ক্ষেত্ৰত মগজুত প্ৰদাহ (Encephalitis) সৃষ্টি কৰিব পাৰে।দ্ৰুতগতিত বৃদ্ধি পোৱা চাণ্ডীপুৰা ভাইৰাছ (Chandipura Virus)য়ে এতিয়া সমগ্ৰ দেশজুৰি উদ্বেগৰ সৃষ্টি কৰিছে। বিশেষকৈ ১৫ বছৰৰ তলৰ শিশুসকলক লক্ষ্য কৰি লোৱা এই সংক্ৰমণৰ ফলত ইতিমধ্যে ২২টা শিশুৰ মৃত্যু হৈছে, আনহাতে বহু শিশু চিকিৎসালয়ত জীৱনৰ সৈতে যুঁজি আছে। স্বাস্থ্যমন্ত্ৰীয়ে জনোৱা মতে, সকলো চৰকাৰী আৰু ব্যক্তিগত চিকিৎসালয়ক নিৰ্দেশ দিয়া হৈছে যে যদি কোনো শিশুৰ শৰীৰত চাণ্ডীপুৰা ভাইৰাছৰ দৰে লক্ষণ দেখা যায়, তেন্তে তৎক্ষণাত শিশুটিক ভৰ্তি কৰাই চিকিৎসা আৰম্ভ কৰিব লাগে।

Leave a Reply

Your email address will not be published. Required fields are marked *