দেশৰ আগশাৰীৰ টেলিকম অপাৰেটৰ ভোডাফোন আইডিয়া(ভি)ই এছঅ’চি ২ টাইপ IIৰ স্বীকৃতি লাভ কৰাৰ কথা আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিছে। এছঅ’চি ২ টাইপ IIৰ সকলো মানদণ্ড পূৰণ কৰি এনে স্বীকৃতি লাভ কৰা ভি হৈছে ভাৰতৰ একমাত্ৰ টেলিকম অপাৰেটৰ। এই প্ৰমাণিকৰণৰ জৰিয়তে ডাটা সুৰক্ষাৰ সৰ্বোত্তম মানদণ্ড বজাই ৰখা আৰু স্পৰ্শকাতৰ ক্লায়েণ্টৰ তথ্য আৰু গোপনীয়তা সুৰক্ষিত কৰাৰ বাবে ভিৰ প্ৰতিশ্ৰুতি চিহ্নিত হৈছে, সমান্তৰালভাৱে ডিষ্ট্ৰিবিউটেড ডিনিয়েল-অফ-চাৰ্ভিচ(ডিডিঅ’এছ)ৰ প্ৰত্যাহ্বানসমূহো লাঘৱ কৰা হৈছে। এছঅ’চি ২ টাইপ II (এছ’চিয়েচন অৱ ইণ্টাৰনেচনেল চাৰ্টিফাইড প্ৰফেচনেল একাউণ্টেণ্ট) আৰু ভিষ্টা ইনফ’ছেকৰ দ্বাৰা প্ৰদান কৰা এই স্বীকৃতিয়ে গ্ৰাহকৰ তথ্য পৰিচালনা কৰাৰ বাবে এছঅ’চি ২ৰ “ট্ৰাষ্ট সেৱা”ৰ ওপৰত আধাৰিত গুৰুত্বপূৰ্ণ সুৰক্ষা নীতি ৰূপায়ণ কৰাৰ লগতে এক বৰ্ধিত সময়ত অনুপালন প্ৰমাণ কৰাৰ সামৰ্থ্য প্ৰদৰ্শন, সুৰক্ষা, উপলব্ধতা, সমন্বিত প্ৰক্ৰিয়াকৰণ, গোপনীয়তা আৰু স্বকীয়তা বজাই ৰখাৰ প্ৰতি ভিৰ প্ৰতিশ্ৰুতি প্ৰদৰ্শন কৰিছে। এছঅ’চি ২ টাইপ II অডিটে ভিৰ আভ্যন্তৰীণ নিয়ন্ত্ৰণ, পলিচী আৰু পদ্ধতিসমূহে কঠোৰ সুৰক্ষা আৰু কাৰ্যকৰী মানদণ্ড পূৰণ কৰাটো নিশ্চিত কৰে, লগতে সুৰক্ষা নিয়ন্ত্ৰণৰ শক্তিশালী ডিজাইন আৰু ফলপ্ৰসূতা, সৰ্বোচ্চ ডিডিঅ’এছ প্ৰটেকচন, দ্ৰুত চিনাক্তকৰণ আৰু সুৰক্ষা প্ৰত্যাহ্বানৰ প্ৰতি সঁহাৰিৰ ইংগিত দিছে, যাৰ ফলত ব্যৱসায়ৰ বাবে এক নিৰ্ভৰযোগ্য সেৱা প্ৰদানকাৰী প্ৰতিষ্ঠানত পৰিণত হৈছে ভি। এই স্বীকৃতিৰ বিষয়ে নিজৰ অভিমত প্ৰকাশ কৰি ভিৰ চিটিএছঅ’ মথান কাছলিংগামে কয় যে, “এই স্বীকৃতিয়ে আমাৰ সুৰক্ষা ব্যৱস্থাসমূহ শ্ৰেণীৰ ভিতৰতে শ্ৰেষ্ঠ মানদণ্ড পূৰণ কৰাটো সুদৃঢ় কৰিলে, যাৰ ফলত সকলো তথ্য নিৰাপদে থকা বুলি গ্ৰাহকসকলক অতিৰিক্ত আত্মবিশ্বাস প্ৰদান কৰিব।” Share this:FacebookX Related Post navigation ২৪ বিত্তীয় বৰ্ষৰ চতুৰ্থ ত্ৰৈমাসিকত শক্তিশালী বিত্তীয় প্ৰদৰ্শনৰ তথ্য সদৰি কৰিছে গড্ৰেজ এগ্ৰ’ভেট লিমিটেডে ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ বৃহৎ সফলতা