বহু জল্পনা-কল্পনাৰ অন্তত ঘোষণা হ’ল কেৰালামৰ নতুন মুখ্যমন্ত্ৰীৰ নাম। আজি কংগ্ৰেছ নেতৃত্বই দিল্লীৰ পৰাই ঘোষণা কৰে কেৰালামৰ মুখ্যমন্ত্ৰীৰ নাম। সেই অনুসৰি কেৰালামৰ জ্যেষ্ঠ নেতা ভি ডি সতীশনক মুখ্যমন্ত্ৰী হিচাপে ঘোষণা কৰিছে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই। ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনত ইউডিএফ মিত্ৰজোঁটৰ অভূতপূৰ্ব বিজয়ৰ দহ দিনৰ পাছত দিল্লীত অনুষ্ঠিত এক বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰে দলৰ হাইকামাণ্ডে। ৬১ বছৰীয়া সতীশনক নিযুক্তি দিয়াৰ পূৰ্বে কে চি বেণুগোপাল আৰু ৰমেশ চেন্নিথালাৰ দৰে জ্যেষ্ঠ নেতাৰ নামো মুখ্যমন্ত্ৰীৰ দৌৰত চৰ্চিত হৈছিল। কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী দীপা দাসমুন্সিয়ে আনুষ্ঠানিকভাৱে জানিবলৈ দিয়ে যে সৰ্বসন্মত প্রস্তাৱৰ ভিত্তিতহে হাইকামাণ্ডে ভি ডি সতীশনক নিৰ্বাচিত কৰিছে। দলৰ জ্যেষ্ঠ নেতা কে চি বেণুগোপালে এই সিদ্ধান্তক আদৰণি জনাই দলৰ স্বাৰ্থই সৰ্বোপৰি বুলি মন্তব্য কৰিছে। তেওঁ লগতে কয়, “নেতৃত্বই সকলো দিশ বিবেচনা কৰিহে এই সিদ্ধান্ত লৈছে। কংগ্ৰেছ দলত ইয়াক লৈ কোনো মতানৈক্যৰ সৃষ্টি নহয়।” এৰ্নাকুলাম জিলাৰ পাৰাভুৰ সমষ্টিৰ পৰা ধাৰাবাহিকভাৱে ছয়বাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হোৱা সতীশন হ’ল কেৰালাৰ এগৰাকী দক্ষ সংগঠক। ২০২১ চনত কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ পাছত বিৰোধী দলপতি হিচাপে দায়িত্ব লৈ তেওঁ দলটোক তৃণমূল পৰ্যায়ত শক্তিশালী কৰি তুলিছিল। ১০২ খন আসন লাভ কৰি ইউডিএফে ক্ষমতা দখল কৰাৰ মূল খনিকৰ হিচাপে সতীশনক এতিয়া সকলোৱে গণ্য কৰিছে। কেৰালামত এতিয়া এক নতুন যুগৰ সূচনা হ’ব বুলি নৱ-নিযুক্ত মুখ্যমন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰিছে। তেওঁ কয়, “দহ বছৰীয়া এক শাসনৰ অন্ত পৰিল। আমি জনসাধাৰণক দিয়া প্ৰতিটো প্ৰতিশ্ৰুতি পালন কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিম।” ছাত্ৰ ৰাজনীতিৰ পৰা উত্থান ঘটা এইগৰাকী জ্যেষ্ঠ নেতাই এতিয়া কেৰালামৰ শাসনৰ বাঘজৰী ল’বলৈ সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে। দিল্লীৰ পৰা অহা এই চূড়ান্ত সিদ্ধান্তই ৰাজ্যখনৰ কংগ্ৰেছ কৰ্মীসকলৰ মাজত নতুন উৎসাহৰ সঞ্চাৰ কৰিছে। Share this:FacebookX Related Post navigation হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ নতুন কেবিনেটৰ দপ্তৰ বিতৰণ; অতুল বৰাৰ হাতত পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ গুৰুত্বপূৰ্ণ দায়িত্ব ধুমুহা-বৰষুণত উত্তৰ প্ৰদেশত এদিনত ৯৪ জনৰ মৃ*ত্যু