বৈভৱ সূৰ্যবংশীয়ে আইপিএল ২০২৬-ত নিজৰ অসামান্য প্ৰদৰ্শনেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিছে। তেওঁৰ এই জনপ্ৰিয়তা কেৱল খেলপথাৰতে নহয়, পথাৰৰ বাহিৰতো দেখিবলৈ পোৱা গৈছে। এটা ভিডিঅ’ত বৈভৱক অনুৰাগীৰ পৰা ফটোৰ বিনিময়ত পইচা খুজি থকা দেখা গৈছে, যিটো সঁচাকৈয়ে আচৰিত ধৰণৰ কথা আছিল। তেওঁ এখন ফটোৰ বাবে ১০০ টকা বিচাৰিছিল, কিন্তু আচলতে এয়া এক ধেমালিহে আছিল। বৈভৱে অনুৰাগীসকলক জনায় যে তেওঁ ধেমালি কৰিছিল, আৰু অনুৰাগীসকলে তেওঁক পইচা দিবলৈ ওলাইছিল! বৈভৱ সূৰ্যবংশীৰ চলিত ছিজনত প্ৰদৰ্শন অতি চমকপ্ৰদ হৈছে। তেওঁ ৮ খন খেলৰ ৮ টা ইনিংছত ৪৪.৬২ গড় আৰু ২৩৪.৮৭ ষ্ট্ৰাইক)ৰে ৩৫৭ ৰাণ সংগ্ৰহ কৰিছে। এই সময়ছোৱাত তেওঁৰ বেটৰ পৰা এটা শতক আৰু দুটা অৰ্ধশতক ওলাইছে।বৈভৱ সূৰ্যবংশীৰ আইপিএল কেৰিয়াৰত ১৫ খন খেলত ৪০.৬০ গড় আৰু ২২২.২৬ ষ্ট্ৰাইক ৰেটেৰে ৬০৯ ৰাণ কৰিছে। Share this:FacebookX Related Post navigation ভাৰতীয় বেডমিণ্টন দলে অষ্ট্ৰেলিয়াক ৫-০ গ’লত পৰাস্ত কৰি টমাছ কাপৰ সুপাৰ-৮ পায়