হাইনেকেন কোম্পানীৰ অধীনস্থ ইউনাইটেড ব্ৰুৱাৰিজ লিমিটেড(ইউবিএল)-এ অসমৰ বান সাহায্য আৰু পুনৰুদ্ধাৰ ক্ষিপ্ৰ কৰি তুলিবলৈ ১ কোটি টকাৰ বৰঙণি আগবঢ়াইছে। চলিত বৰ্ষৰ বলিয়া বানত ক্ষতিগ্ৰস্ত হোৱা লোকসকলৰ সাহায্য আৰু পুনৰ্সংস্থাপনৰ বাবে চলাই থকা প্ৰচেষ্টাৰ অংশ হিচাপে কোম্পানীটোৱে এই অনুদান আগবঢ়ায়। মঙলবাৰে গুৱাহাটীত ইউনাইটেড ব্ৰুৱাৰিজ লিমিটেড(ইউবিএল)ৰ পৰিচালন সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়া বিবেক গুপ্তাই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ হাতত এই ১ কোটি টকাৰ অনুদানৰ চেকখন অৰ্পণ কৰে। এই ধনেৰে ভয়াৱহ বানত ঘৰ-দুৱাৰ, কৃষিভূমি আৰু আন্তঃগাঁথনি নষ্ট-ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ বাবে ৰাজ্য চৰকাৰে চলাই থকা সাহায্য আৰু পুনৰ্সংস্থাপন কাৰ্যসূচীত বিশেষ সহায়ক হ’ব। বিবেক গুপ্তাই কয় যে, অসম সদায় ইউনাইটেড ব্ৰুৱাৰিজ(ইউবিএল)ৰ যাত্ৰাৰ এক গুৰুত্বপূৰ্ণ অংশ হৈ আহিছে আৰু প্ৰতিষ্ঠানটোৰ ব্ৰেণ্ড কিংফিচাৰে ৰাজ্যখনৰ গ্ৰাহকসকলৰ সৈতে এক শক্তিশালী তথা দীৰ্ঘদিনীয়া সম্পৰ্ক বজাই ৰাখিছে। তেওঁ লগতে কয় যে এই প্ৰত্যাহ্বানমূলক সময়ছোৱাত কোম্পানীটো অসমৰ ৰাইজৰ কাষত থিয় দিছে আৰু এই অৱদানে বানপীড়িত লোকসকলক নিজৰ জীৱন আৰু জীৱিকা পুনৰ গঢ়ি তোলাত সহায় কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। ব্যৱসায়িক আৰু গ্ৰাহকমুখী কোম্পানীসমূহ যিহেতু অসমৰ অৰ্থনৈতিক কাৰ্য-কলাপ তথা স্থানীয় সমাজৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত, গতিকে গুৱাহাটীকে ধৰি সমগ্ৰ অসমতে এই বৰঙণিৰ যথেষ্ট গুৰুত্ব আছে। বানপানীৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিয়ে খুচুৰা ব্যৱসায়, যোগান শৃংখল, কৃষিভিত্তিক উপাৰ্জন আৰু গ্ৰাহকৰ চাহিদা আদি প্ৰভাৱিত কৰিব পাৰে। গতিকে বানাক্ৰান্ত অঞ্চলসমূহত অৰ্থনৈতিক কাৰ্যকলাপ পুনৰ সক্ৰিয় কৰি তোলাৰ ক্ষেত্ৰত সাহায্য আৰু পুনৰ্সংস্থাপন ব্যৱস্থা অত্যন্ত জৰুৰী। বানপানীৰ পিছৰ পৰিস্থিতি চম্ভালি পুনৰুদ্ধাৰ আৰু পুনৰ্সংস্থাপনৰ দিশত কাম কৰি থকাৰ সময়ছোৱাত কোম্পানীটোৰ এই অনুদানে বানপীড়িত লোকসকলক সহায় কৰাৰ বাবে অব্যাহত থকা চৰকাৰী প্ৰচেষ্টাক অধিক শক্তিশালী কৰি তুলিব। Share this:FacebookX Related Post navigation শিক্ষাৰ্থী আৰু কৰ্মজীৱীক উদ্দেশ্যি এইচপি অম্নিপেড ১২ ভাৰতত মুকলি, মূল্য ৪৮,৯৯৯ টকা