এইচপি ইণ্ডিয়াই ভাৰতত প্ৰথমবাৰৰ বাবে মুকলি কৰিছে এইচপি অম্নিপেড ১২—যি এক ২-ইন-১ ডিভাইচ। এই ডিভাইচটো বিশেষকৈ ছাত্ৰ-ছাত্ৰী, প্ৰথমবাৰ ব্যৱহাৰকাৰী, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ আৰু যুৱ কৰ্মজীৱীসকলৰ বাবে প্ৰস্তুত কৰা হৈছে, যিসকলে লেপটপৰ দৰে কাম কৰাৰ সুবিধা আৰু টেবলেটৰ দৰে কঢ়িয়াই লৈ ফুৰাৰ সহজ উপায় বিচাৰে। ইয়াত এটা ডিটাচেবল (খুলিব পৰা) কি’বৰ্ড আছে, যাৰ সহায়ত ব্যৱহাৰকাৰীয়ে প্ৰয়োজন অনুসৰি ইয়াক টাচ-ভিত্তিক টেবলেট বা লেপটপ ষ্টাইলতো ব্যৱহাৰ কৰিব পাৰে। এই ডিভাইচটো কোৱালকম স্নেপড্ৰেগন প্ৰচেছৰ আৰু এণ্ড্ৰইড ১৬ অপাৰেটিং চিষ্টেমৰ দ্বাৰা পৰিচালিত। এইচপি অম্নিপেড ১২ত আছে ১২ ইঞ্চিৰ ২কে মাল্টি-টাচ্চ ডিচপ্লে, যাৰ এছপেক্ট ৰেছিঅ’ ১৬:১০, ব্ৰাইটনেছ ৪০০ নিটছ পৰ্যন্ত আৰু ৰিফ্ৰেছ ৰেট ৯০হাৰ্টজ পৰ্যন্ত। টেবলেট মোডত মাত্ৰ ৬০০ গ্ৰাম ওজনৰ এই ডিভাইচটোৱে ১৮ ঘণ্টালৈকে মেগাপিক্সেল ৰিয়াৰ কেমেৰা, ৮জিবি এলপিডিডিআৰ৫ মেম’ৰী আৰু ১টিবিপৰ্যন্ত বৃদ্ধি কৰিব পৰা ষ্টৰেজ। এইচপি ইণ্ডিয়াৰ পাৰ্চনেল চিষ্টেমছ বিভাগৰ জ্যেষ্ঠ সঞ্চালক বিনীত গেহানীয়ে এই বিষয়ে কয় যে, এই ডিভাইচটো ভাৰতৰ বিভিন্ন শ্ৰেণীৰ ব্যৱহাৰকাৰীৰ শিক্ষা, ব্যৱসায় আৰু ডিজিটেল প্ৰয়োজনসমূহক লক্ষ্য কৰি প্ৰস্তুত কৰা হৈছে। গুৱাহাটী মহানগৰীত এই অম্নিপেড ১২-এ ছাত্ৰ-ছাত্ৰী, শিক্ষাবিদ, ক্ষুদ্ৰ ব্যৱসায়ী আৰু ভ্ৰমণৰত কৰ্মজীৱীসকলক আকৰ্ষিত কৰিব পাৰে, যিসকলে টেবলেটৰ সুবিধাৰ সৈতে উৎপাদনশীল কামৰ বাবে এটা কঢ়িয়াই লৈ ফুৰিব পৰা কম্পিউটিং ডিভাইচ বিচাৰিছে। ৪৮,৯৯৯ টকাৰ প্ৰাৰম্ভিক মূল্যই ইয়াক প্ৰিমিয়াম টেবলেট বা এণ্ট্ৰী-লেভেল লেপটপৰ শাৰীত স্থান দিছে। এই ডিভাইচটো ডেনিম ব্লু আৰু মিটিঅ’ৰ চিলভাৰ ৰঙত উপলব্ধ হ’ব। ইয়াক এইচপিৰ অনলাইন ষ্ট’ৰ, আমাজন, ৰিলায়েন্স, ফ্লিপকাৰ্ট, ক্ৰমা, বিজয় চেলছ আৰু এইচপি ৱৰ্ল্ড ষ্টৰৰ জৰিয়তে ক্ৰয় কৰিব পৰা যাব। শুভাৰম্ভণি অফাৰ হিচাপে নিৰ্বাচিত এছবিআই আৰু এইচডিএফচি ক্ৰেডিট কাৰ্ডত ৫,০০০ টকাৰ কেচবেক আৰু কেইবাটাও এআই প্লেটফৰ্মত এবছৰৰ বিনামূলীয়া চাবস্ক্ৰিপচন পেকেজ প্ৰদান কৰা হৈছে। Share this:FacebookX Related Post navigation ৭২ জন ইউটিউবাৰৰ কাৰ্যকলাপৰ ওপৰত চৰকাৰে তীক্ষ্ণ নজৰ ৰাখিছে পুনৰুদ্ধাৰ কাৰ্যসূচী অব্যাহত থকাৰ মাজতে বন্যাৰ্তক সহায়ৰ বাবে ১ কোটি টকাৰ বৰঙণি ইউনাইটেড ব্ৰুৱাৰিজৰ