অগ্নিবীৰৰ প্ৰশিক্ষণ চলি থকাৰ মাজতে হঠাতে সামৰিক ছাউনীলৈ নামি আহিল মৃত্যুৰ বিভীষিকা। ছিলঙৰ হেপ্পী ভেলীস্থিত আছাম ৰেজিমেণ্টেল চেণ্টাৰত মেনিঙ্গোকোকেল বেক্টেৰিয়াৰ সংক্ৰমণত দুজন অগ্নিবীৰ প্ৰশিক্ষাৰ্থীৰ মৃত্যু হোৱা ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰশিক্ষণৰ কঠোৰ অনুশীলনৰ মাজতে হোৱা এই দুৰ্ভাগ্যজনক মৃত্যুৰ খবৰে শোকৰ ছাঁ পেলাইছে সামৰিক শিবিৰটোত।

প্ৰাপ্ত তথ্য অনুসৰি, এজন অগ্নিবীৰ প্ৰশিক্ষাৰ্থীৰ যোৱা সপ্তাহত মৃত্যু হোৱাৰ বিপৰীতে দ্বিতীয়জনৰ মৃত্যু হয় সোমবাৰে। মেনিঙ্গোকোকেল নামৰ এক মাৰাত্মক বেক্টেৰিয়াৰ সংক্ৰমণৰ সন্দেহতে দুয়োকে শ্বিলঙৰ সামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও চিকিৎসকৰ প্ৰাণপণ চেষ্টাৰ পাছতো তেওঁলোকক বচাবলৈ সক্ষম নহ’ল। ইফালে, কেৱল এই দুজনেই নহয়, বৰ্তমান একেই বেক্টেৰিয়াৰ সংক্ৰমণৰ লক্ষণ লৈ চিকিৎসালয়খনত ভৰ্তি হৈ আছে আন ২৮ গৰাকী প্ৰশিক্ষাৰ্থী।

সামৰিক চিকিৎসালয়ৰ সূত্ৰই জানিবলৈ দিয়া মতে, চিকিৎসাধীন হৈ থকা প্ৰতিগৰাকী অগ্নিবীৰক বৰ্তমান অত্যন্ত সতৰ্কতাৰে বিশেষজ্ঞ চিকিৎসকৰ পৰ্যবেক্ষণত ৰখা হৈছে। হঠাতে বিয়পি পৰা এই সংক্ৰমণক লৈ এতিয়া সমগ্ৰ সামৰিক কেন্দ্ৰটোতে তীব্ৰ উদ্বেগৰ সৃষ্টি হৈছে। এই মেনিঙ্গোকোকেল বেক্টেৰিয়াই কেনেকৈ ইমান ভয়াবহ ৰূপ ল’লে আৰু কেনেকৈ ই জোৱানসকলৰ মাজত বিয়পি পৰিল, সেই সন্দৰ্ভত সামৰিক কৰ্তৃপক্ষই ইতিমধ্যে এক উচ্চ পৰ্যায়ৰ তদন্ত আৰম্ভ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *