বিষাক্ত আহাৰে কাঢ়ি নিলে এটি পৰিয়ালৰ দুগৰাকী কণমানিৰ প্ৰাণ। আহমেদাবাদত ঘৰতে তৈয়াৰী দোচা খোৱাৰ পাছতে হঠাতে অসুস্থ হৈ পৰে চাৰিজন সদস্য। চিকিৎসাধীন অৱস্থাতে যোৱা ৩ এপ্ৰিলত এটি তিনিমহীয়া শিশু আৰু ৫ এপ্ৰিলত চাৰি বছৰীয়া আন এগৰাকী কন্যাৰ মৃত্যু ঘটে। বৰ্তমানো চিকিৎসালয়ত জীৱন-মৃত্যুৰে যুঁজি আছে শিশু দুটিৰ পিতৃ-মাতৃ। জানিব পৰা মতে, আহমেদাবাদৰ ঘনশ্যাম ডেইৰী নামৰ দোকান এখনৰ পৰা অনা চাউল আৰু দাইলৰ মিশ্ৰণেৰে তৈয়াৰী খাদ্য খোৱাৰ পাছতে পৰিয়ালটোৰ স্বাস্থ্যৰ অৱনতি ঘটে। মৃত শিশু দুটিৰ ককাক গৌৰীশংকৰ প্ৰজাপতিয়ে জানিবলৈ দিয়া মতে, তেওঁৰ পুত্ৰ বিমলে ওচৰৰে দোকানখনৰ পৰা এই মিশ্ৰণ কিনি আনিছিল। ২ এপ্ৰিলৰ পুৱা বিমল, তেওঁৰ পত্নী ভাৱনা আৰু দুই কন্যাই হঠাতে বমি কৰিবলৈ আৰম্ভ কৰাত তেওঁলোকক ততালিকে চিকিৎসালয়ত ভৰ্তি কৰা হয়। পৰিয়ালৰ লোকৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে ইতিমধ্যে এক তদন্ত আৰম্ভ কৰিছে। আহমেদাবাদ পৌৰ নিগমৰ খাদ্য সুৰক্ষা বিভাগে দোকানখনৰ পৰা নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে ফৰেনচিক লেবৰেটৰীলৈ প্ৰেৰণ কৰিছে। অৱশ্যে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন এতিয়ালৈকে হাতত নপৰাৰ বাবে মৃত্যুৰ প্ৰকৃত কাৰণ এতিয়াও ৰহস্যৰ আৱৰ্তত আছে বুলি এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই জানিবলৈ দিয়ে। ইফালে দোকানখনৰ স্বত্বাধিকাৰী ঘনশ্যাম শ্বাহে নিজৰ বিৰুদ্ধে উঠা অভিযোগ অস্বীকাৰ কৰিছে। তেওঁ জনোৱা মতে, সেইদিনা প্ৰায় ১০০ কিলোগ্ৰাম মিশ্ৰণ বিক্ৰী কৰা হৈছিল যদিও অন্য কোনো গ্ৰাহকৰ পৰা তেনে কোনো অভিযোগ পোৱা নাই। প্ৰশাসনৰ তথ্য অনুসৰি বিমলে ৩ কিলোগ্ৰাম মিশ্ৰণ কিনি আনিছিল যদিও তাৰে মাত্ৰ ৩০০ গ্ৰামহে ব্যৱহাৰ কৰা হৈছিল। বাকী থকা অংশখিনিও এতিয়া পৰীক্ষাৰ বাবে লৈ যোৱা হৈছে। Share this:FacebookX Related Post navigation তামিলনাডু নিৰ্বাচনৰ আটাইতকৈ চহকী প্ৰাৰ্থী AIADMKৰ লিমা ৰোজ; ৫,৮৬৩ কোটি টকাৰ সম্পত্তি ঘোষণাৰে চমক সৃষ্টি নিৰ্বাচনৰ এদিন পূৰ্বে প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ ওদালগুৰিৰ কংগ্ৰেছ প্ৰাৰ্থী সুৰেন দৈমাৰীৰ