ৰাজপথত সংঘটিত এক ভয়াবহ দুৰ্ঘটনাত থিতাতে প্ৰাণ হেৰুৱাবলগীয়া হ’ল ৭ গৰাকী বাছ যাত্ৰীয়ে। ৰাজস্থানৰ দৌছাৰ ওচৰত দিল্লী-মুম্বাই এক্সপ্ৰেছৱেত এখন যাত্ৰীবাহী শ্লিপাৰ বাছ ট্ৰেইলাৰৰ সৈতে খুন্দা মৰাৰ পিছতে জ্বলি উঠে। এই ভয়ংকৰ দুৰ্ঘটনাত কমেও ৭ জন লোকৰ মৃত্যু হোৱাৰ লগতে আহত হয় আন ২২ জন।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, বুধবাৰে পুৱতি নিশা প্ৰায় ২.৩০ বজাত ঋষিকেশৰ পৰা ইন্দোৰ অভিমুখে গৈ থকা বাছখন দ্ৰুতগতিত আহি এখন ট্ৰেইলাৰৰ পিছফালে খুন্দা মাৰে। সংঘৰ্ষৰ লগে লগে দুয়োখন বাহনতে জুই লাগে আৰু মুহূৰ্তৰ ভিতৰতে অগ্নিশিখাই বাছখন আৱৰি ধৰে।

প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়া মতে, দুৰ্ঘটনাৰ সময়ত অধিকাংশ যাত্ৰী গভীৰ নিদ্ৰাত আছিল। জুইৰ মাজতে সহায়ৰ বাবে আৰ্তনাদ কৰে বহু যাত্ৰীয়ে। ওপৰৰ শ্লিপাৰ আসনত থকা কেইবাজনো যাত্ৰী প্ৰচণ্ড জোকাৰণিত তললৈ ছিটিকি পৰে।

প্ৰশাসনে জানিবলৈ দিয়া মতে, নিহত সাতজনৰ ভিতৰত পাঁচজনৰ মৃত্যু অগ্নিদগ্ধ হৈ হয়। আন দুজনৰ মৃত্যু হয় মূৰত গুৰুতৰ আঘাত পোৱাৰ ফলত।

ইফালে, আহতসকলৰ অধিকাংশই মহিলা আৰু শিশু। তেওঁলোকক উদ্ধাৰ কৰি দৌছা জিলা চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। অগ্নিনিৰ্বাপক বাহিনী আৰু উদ্ধাৰকাৰী দলে বহু সময় ধৰি অভিযান চলাই জুই নিয়ন্ত্ৰণলৈ আনে।

দুৰ্ঘটনাৰ সঠিক কাৰণ এতিয়াও নিশ্চিত হোৱা নাই। অৱশ্যে আৰক্ষীৰ প্ৰাথমিক তদন্তত চালকৰ টোপনি অহা অথবা অত্যাধিক দ্ৰুতগতিক সম্ভাৱ্য কাৰণ হিচাপে সন্দেহ কৰা হৈছে।

আনহাতে, স্থানীয় লোকসকলে অভিযোগ কৰে যে অগ্নিনিৰ্বাপক বাহিনী আৰু উদ্ধাৰকাৰী দল ঘটনাস্থলীত পলমকৈ উপস্থিত হৈছিল। তেওঁলোকৰ দাবী অনুসৰি, জুই লগাৰ প্ৰায় এঘণ্টাৰ পিছতহে আৱদ্ধ যাত্ৰীসকলক উদ্ধাৰৰ কাম আৰম্ভ হৈছিল।

স্থানীয় লোকৰ আন এক অভিযোগ অনুসৰি, বাছখনৰ লাগেজ কক্ষত বৃহৎ পৰিমাণে চিগাৰেটৰ পেকেট কঢ়িয়াই নিয়াৰ ফলত জুই অধিক দ্ৰুতগতিত বিয়পি পৰিছিল। অৱশ্যে এই অভিযোগৰ এতিয়ালৈ নিশ্চিতকৰণ হোৱা নাই।

ঘটনাটোৰ প্ৰকৃত কাৰণ, অগ্নিকাণ্ড কেনেদৰে সংঘটিত হ’ল আৰু আহত-নিহতসকলৰ সম্পূৰ্ণ পৰিচয় নিশ্চিত কৰিবলৈ তদন্ত অব্যাহত ৰাখিছে সংশ্লিষ্ট কৰ্তৃপক্ষই।

Leave a Reply

Your email address will not be published. Required fields are marked *