শ্বিলং মহানগৰীত সৃষ্টি কৰা ব্যাপক হিংসাত্মক পৰিস্থিতিৰ পিছতেই গ্ৰেপ্তাৰ হোৱা খাছী ষ্টুডেণ্টছ ইউনিয়নৰ শীৰ্ষ তিনি নেতাক অনা-খাছী অধ্যুষিত গাৰো পাহাৰ জিলাৰ কাৰাগাৰলৈ প্ৰেৰণৰ যোজা চলাইছে মেঘালয় প্ৰশাসনে। কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত শুকুৰবাৰে পুৱা কেএছইউৰ উপ-সভাপতি পিনকমেনলাং চানমিয়েট আৰু সাধাৰণ সম্পাদক ৰুবেন নাঝিয়াৰক তুৰা কাৰাগাৰলৈ আৰু সভাপতি ৰেইমণ্ড খাৰজানাক ৱিলিয়ামনগৰ কাৰাগাৰলৈ স্থানান্তৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। বৃহস্পতিবাৰে শ্বিলং জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱাৰ পিছত আদালতে তিনিওগৰাকী ছাত্ৰ নেতাক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

উল্লেখ্য যে, ৫ দফীয়া দাবীৰ সময়সীমা উকলি যোৱাৰ পিছত ছাত্ৰ সংগঠনটোৱে শ্বিলঙত উলিওৱা বাইক ৰেলীৰ সময়তে বুধবাৰে বিয়লি ভয়ংকৰ হিংসাত্মক ঘটনা সংঘটিত হৈছিল। পূব জয়ন্তীয়া পাহাৰত প্ৰস্তাৱিত চিমেণ্ট প্ৰকল্পৰ ৰাজহুৱা শুনানিৰ বিৰোধিতা, মেঘালয় লোকসেৱা আয়োগ আৰু ডিএছচিৰ নিযুক্তি সংস্কাৰ, প্ৰব্ৰজিত শ্ৰমিক আইন সংশোধন, ‘নেগ্ৰিমছ’ৰ নিযুক্তি বিসংগতি দূৰীকৰণ আৰু ‘মেঘালয় ৰেচিডেণ্টছ ছেফটি এণ্ড ছিকিউৰিটি এক্ট’ কাৰ্যকৰী কৰাৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল।

শান্তিপূৰ্ণ প্ৰতিবাদৰ নামত ৰাজপথলৈ ওলাই অহা একাংশ দুৰ্বৃত্তই চৰকাৰী সম্পত্তিৰ লগতে অসম আৰু মেঘালয়ৰ বাহিৰৰ পঞ্জীয়ন থকা বাহনসমূহত লোৰ ৰড আৰু শিলগুটিৰে উপৰ্যুপৰি আক্ৰমণ চলায়। গৃহ বিভাগৰ দায়িত্বত থকা উপ-মুখ্যমন্ত্ৰী প্ৰেষ্টন টিনছঙে অভিযোগ উত্থাপন কৰি কয় যে মুখত কাপোৰ বান্ধি অহা একাংশ লোকে পূৰ্ব পৰিকল্পিতভাৱে হিংসা বিয়পাই চৰকাৰী আৰু ব্যক্তিগত বাহনসমূহত অগ্নিসংযোগ কৰে। এই ঘটনাক লৈ বৰ্তমানলৈকে ১৫ খন এজাহাৰ দাখিল কৰা হৈছে, য’ত মুঠ ৩১খন বাহন ভাঙি চূৰমাৰ কৰা, দুখন বাহন জ্বলাই দিয়া আৰু ১৬ জনকৈ লোক গুৰুতৰভাৱে আহত হোৱাৰ তথ্য প্ৰকাশ পাইছে।

ইফালে, পূব খাছী পাহাৰ জিলাত আইন-শৃংখলা পৰিস্থিতি অধিক অৱনতি ঘটাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰৰ আবেদন মৰ্মে কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে মেঘালয়ত অতিৰিক্ত কেন্দ্ৰীয় বাহিনী মোতায়েন কৰাৰ অনুমোদন জনায়। ২৫ আগষ্টলৈকে ৰাজ্যিক আৰক্ষীক সহযোগ কৰিবলৈ কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ চাৰিটা কোম্পানী আৰু ৰেপিড একশ্যন ফ’ৰ্চৰ এটা কোম্পানী মোতায়েন কৰা হৈছে। হিংসাত্মক কাৰ্যত জড়িত আন সকলো অভিযুক্তক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰাৰ বাবে আৰক্ষীয়ে সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ অভিযান অব্যাহত ৰাখিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *